বানপানীত ক্ষতিগ্ৰস্তক পৰিদৰ্শন কেন্দ্ৰীয় চৰকাৰৰ বিষয়াৰ
জোনাই, ৮ জুলাই:- প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশমৰ্মে জোনাই বিধানসভা সমষ্টিৰ শেহতীয়া প্ৰবল বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ উদ্দেশ্যে সমষ্টিত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব (UT) শ্ৰী প্ৰবীণ কুমাৰ ৰায়, বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগ (FCD)-ৰ যুটীয়া সঞ্চালক শ্ৰী মহেশ কুমাৰ আৰু NRSC-ৰ বিজ্ঞানী (Scientist-SF) ড০ এছ. ভি. এছ. পি. শৰ্মা ক স্থানীয় বিধায়ক ভূৱন পেগুৰ সৈতে সংগ প্ৰদান কৰে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই।
পৰিদৰ্শনৰ আৰম্ভণিতে কেন্দ্ৰীয় দলটিয়ে চিমেনমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত আনন্দ নগৰত উপস্থিত হৈ বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লয়। লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত-বিনিময় কৰি পুনৰ্বাসন, সাহায্য বিতৰণ আৰু অন্যান্য প্ৰয়োজনীয় সহায়-সহযোগিতাৰ বিষয়ত বিস্তৃত পৰ্যালোচনা কৰে।

