Voice of Eastern India

বান পৰিস্থিতিৰ জৰুৰী পৰ্যালোচনা: যুদ্ধকালীন ক্ষিপ্ৰতাৰে পুনৰসংস্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ


বান বিধ্বস্ত জিলাসমূহত জৰুৰী নিৰ্দেশ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰাজ্যত অব্যাহত থকা বান পৰিস্থিতি আৰু ইয়াৰ পৰৱৰ্তী পুনৰসংস্থাপন ব্যৱস্থাসমূহৰ বুজ ল’বলৈ লোক সেৱা ভৱনত এক জৰুৰী উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত এই বৈঠকত ৰাজ্যৰ বান বিধ্বস্ত অঞ্চলসমূহৰ শেহতীয়া স্থিতি বিশদভাৱে পৰ্যালোচনা কৰা হয় ।

ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তৰ লগতে বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থকা এই বৈঠকত বিশেষভাৱে অতিকে প্ৰভাৱিত যোৰহাট, শিৱসাগৰ, চৰাইদেউ আৰু গোলাঘাট জিলাৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

ক্ষয়-ক্ষতিৰ বুজ: মুখ্যমন্ত্ৰীয়ে বানৰ দ্বাৰা প্ৰভাৱিত লোকৰ সংখ্যা, মথাউৰি, দলং আৰু পথসমূহৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে বৰ্তমান চলি থকা ৰাহাত অভিযানৰ অগ্ৰগতি পৰ্যালোচনা কৰে ।

পৰ্যাপ্ত সাহাৰ্য যোগান: বানপীড়িত লোকসকলক চাউল, ডাইল, অন্যান্য অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু সুৰক্ষিত খোৱাপানী পৰ্যাপ্তভাৱে যোগান ধৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হয় । মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে যে সাহাৰ্য আৰু পুনৰসংস্থাপনৰ বাবে পুঁজিৰ কোনো অভাৱ হ’বলৈ দিয়া নহ’ব ।

স্বাস্থ্য আৰু স্বাস্থ্যসেৱা: পানী শুকাবলৈ ধৰাৰ সময়ত যাতে কোনো সংক্ৰামক ৰোগ বা মহামাৰীৰ প্ৰাদুৰ্ভাৱ নহয়, তাৰ বাবে স্বাস্থ্য বিভাগক সকলো ধৰণৰ প্ৰতিষেধকমূলক ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে ।

পশুধনৰ লোকচানৰ মূল্যায়ন: বানত মানুহৰ প্ৰাণহানিৰ লগতে পশুধনৰ হোৱা ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি পশু পালন আৰু পশু চিকিৎসা বিভাগক এক সামগ্ৰিক জৰীপ চলাবলৈ কোৱা হৈছে ।

ভৱিষ্যতৰ মেৰামতি আৰু পদক্ষেপ:

জলসম্পদ বিভাগক বান পৰিস্থিতিৰ উন্নতি ঘটাৰ লগে লগে ক্ষতিগ্রস্ত মথাউৰিসমূহৰ জৰীপ চলাই দুৰ্বল অংশসমূহ মজবুত কৰিবলৈ আৰু লোকনিৰ্মাণ বিভাগক পানী শুকোৱাৰ লগে লগেই ক্ষতিগ্রস্ত পথসমূহৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে ।

লগতে সাহাৰ্য সামগ্ৰীৰ বিতৰণ আৰু পুনৰসংস্থাপনৰ কাম-কাজ পোনপটীয়াকৈ নিৰীক্ষণ কৰিবলৈ জ্যেষ্ঠ বিষয়াসকলক আটাইতকৈ বেছি প্ৰভাৱিত জিলাসমূহ ব্যক্তিগতভাৱে ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

উচ্চস্তৰীয় পৰ্যালোচনা বৈঠকখনৰ পাছতেই মুখ্যমন্ত্ৰী ড০ শৰ্মাই মন্ত্ৰীপৰিষদৰ সৈতে আন এক পৃথক বৈঠকতো পৌৰোহিত্য কৰে । তাত সমগ্ৰ ৰাজ্যৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ চৰকাৰৰ ফালৰ পৰা এক সমন্বিত আৰু ফলপ্ৰসূ পদক্ষেপ নিশ্চিত কৰাৰ বাবে মন্ত্ৰীসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয় ।

লগতে পঢ়ক : প্ৰলয়ংকাৰী বান: কেইবাখনো দূৰণিবটীয়া ৰে’ল বাতিল

Source link





Source link

Leave A Reply

Your email address will not be published.