অসমকে ধৰি তিনিখন ৰাজ্যত জে পি নাড্ডাৰ ব্যস্ত ভ্ৰমণসূচী, বানপীড়িতৰ সৈতে হ’ব মুখামুখি
কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ৪ আগষ্টৰ পৰা তিনিদিনীয়া উত্তৰ-পূৰ্ব ভ্ৰমণ আৰম্ভ কৰিছে । এই ভ্ৰমণত তেওঁ অসম, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ বান, আকস্মিক বান আৰু ভূমিস্খলনত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব।
চৰকাৰী তথ্য অনুসৰি, ৪ আগষ্টৰ পৰা ৬ আগষ্টলৈ চলিবলগীয়া এই ভ্ৰমণৰ মূল উদ্দেশ্য হৈছে ক্ষয়-ক্ষতিৰ বুজ লোৱা, সাহায্য কাৰ্যসূচীৰ অগ্ৰগতি পৰ্যালোচনা কৰা আৰু স্বাস্থ্য সেৱাৰ বাস্তৱ অৱস্থা মূল্যায়ণ কৰা। ইয়াৰ লগতে তেওঁ সাহায্য শিবিৰ আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিও পৰিদৰ্শন কৰিব।
৫ আগষ্টত নাড্ডাই অসমৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা ভ্ৰমণ কৰি বানত ক্ষতিগ্ৰস্ত গাঁও, বিনষ্ট হোৱা শস্য, ঘৰ-দুৱাৰ আৰু সাহায্য শিবিৰ পৰিদৰ্শন কৰিব। বানপীড়িত পৰিয়ালৰ সৈতেও তেওঁ পোনপটীয়াকৈ কথা পাতিব।
একেদিনাই তেওঁ নাগালেণ্ডৰ মন জিলালৈ গৈ বানৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে চলি থকা সাহায্য অভিযানৰ সমীক্ষা কৰিব। তাৰ পিছত ডিব্ৰুগড়লৈ উভতি আহি অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সাহায্য, পুনৰসংস্থাপন আৰু জনস্বাস্থ্য ব্যৱস্থাক লৈ এক উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰিব।
৬ আগষ্টত তেওঁৰ গন্তব্য হ’ব অৰুণাচল প্ৰদেশৰ কেই পান্যোৰ জিলাৰ য়া জালী। তাত আকস্মিক বান আৰু ডাৱৰ বিস্ফোৰণত ক্ষতিগ্ৰস্ত অঞ্চল, পথ-দলং আৰু সাহায্য শিবিৰ পৰিদৰ্শন কৰাৰ লগতে গৃহহীন লোকসকলৰ সৈতে বাৰ্তালাপ কৰিব।
ভ্ৰমণৰ অন্তিম দিনটোত অৰুণাচল প্ৰদেশ চৰকাৰৰ বিষয়াসকলৰ সৈতে স্বাস্থ্য পৰিস্থিতি আৰু সাহায্য-পুনৰসংস্থাপন কাৰ্যৰ ওপৰত এক সমীক্ষা বৈঠক অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় চৰকাৰৰ মতে, এই ভ্ৰমণে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন আৰু দুৰ্যোগকালীন সহায়ৰ প্ৰতি চৰকাৰৰ অগ্ৰাধিকাৰক পুনৰ স্পষ্ট কৰি তুলিছে।
লগতে পঢ়ক : ৪ জিলাৰ বানাক্ৰান্তলৈ সহায়ৰ হাত ৰাজ্য চৰকাৰৰ
