
এবিকেকে কামৰূপ, গুৱাহাটী ৬ জুলাই ২০২৬: ভাৰতীয় জনতা পার্টি, অসম প্রদেশে আজি আধুনিক ভাৰতৰ অন্যতম শ্রেষ্ঠ ৰাষ্ট্ৰবাদী চিন্তাবিদ, বিশিষ্ট শিক্ষাবিদ, সংসদীয় নেতা আৰু ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাতা ড০ শ্যামা প্রসাদ মুখার্জীৰ ১২৫ সংখ্যক জন্ম জয়ন্তী উপলক্ষে গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত গাম্ভীর্যপূর্ণভাবে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানত অসম বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত জ্যেষ্ঠ নেতা আৰু কাৰ্যকর্তাই উপস্থিত থাকি পুষ্পাঞ্জলি অর্পণ কৰাৰ লগতে ড০ মুখার্জীয়ে প্রতিষ্ঠা কৰি যোৱা সাংস্কৃতিক জাতীয়তাবাদ, সাংবিধানিক অখণ্ডতা আৰু ৰাষ্ট্ৰীয় ঐক্যৰ আদৰ্শৰ প্ৰতি পুনৰ দৃঢ় অংগীকাৰ ব্যক্ত কৰে। সভাপতি গৰাকীয়ে কয় যে ড০ শ্যামা প্রসাদ মুখার্জীৰ জন্ম জয়ন্তী উপলক্ষে সমগ্র দেশজুৰি ১৫ দিনীয়া ‘ড০ শ্যামা প্রসাদ মুখার্জী স্মৰণ পষেক’ কাৰ্যসূচী পালন কৰা হয়। ড০ শ্যামা প্রসাদ মুখার্জীয়ে ভাৰতত মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। ড০ মুখার্জীয়ে ১৯৩৪ চনত মাত্র ৩৩ বছৰ বয়সতে কলকাতা বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে দায়িত্ব গ্রহণ কৰিছিল। পৰৱৰ্তী সময়ত ১৯৩৭ চনত ভাৰতীয় শিক্ষা ব্যৱস্থাত আধুনিক ভাৰতীয় ভাষাৰ জৰিয়তে মাতৃভাষা ভিত্তিক শিক্ষাৰ প্ৰসাৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্রহণ কৰিছিল। সভাপতিগৰাকীয়ে লগতে কয় যে, ড০ শ্যামা প্রসাদ মুখার্জীয়ে ভাৰতীয় ৰাজনীতিত প্ৰথমবাৰৰ বাবে ‘নেচনেল ডেম’ক্রেটিক ফ্রন্ট’ৰ নামাকৰণেৰে মিত্ৰতাভিত্তিক ৰাজনীতিৰ সূচনা কৰিছিল। দেশৰ একতা, অখণ্ডতা আৰু সার্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত ড০ শ্যামা প্রসাদ মুখার্জীয়ে নিজৰ প্ৰাণ বলিদান দিছিল বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় যে, তেওঁ আজিও ভাৰতৰ একতা আৰু অখণ্ডতাৰ এক উজ্জ্বল প্রতীক হিচাপে দেশবাসীৰ হৃদয়ত চিৰস্মৰণীয়। তেওঁৰ জীৱন, আদৰ্শ আৰু দেশপ্ৰেমৰ অনন্য অৱদানে যুৱ প্ৰজন্মক ৰাষ্ট্ৰসেৱা আৰু জাতি গঠনৰ বাবে সদায় উদ্বুদ্ধ কৰি যাব বুলিও তেওঁ মত প্রকাশ কৰে।
এই জন্ম জয়ন্তী উপলক্ষে বিজেপি অসম প্রদেশৰ মুখপাত্র ড০ জাফ্রীন মেহজাবিনে কয় যে, ড০ শ্যামা প্রসাদ মুখার্জীয়ে ভাৰতৰ ৰাজনৈতিক আৰু সভ্যতাগত ইতিহাসত এক অনন্য আৰু চিৰস্থায়ী স্থান অধিকাৰ কৰি আছে। তেখেত ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাতা, যি সংগঠন পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পার্টিৰ আদৰ্শগত ভেটি হিচাপে পৰিগণিত হৈছে, তেওঁ আছিল এজন দূৰদৰ্শী বৌদ্ধিক স্থপতি, যি জনে সাংস্কৃতিক ধাৰাবাহিকতা, গণতান্ত্রিক মূল্যবোধ, ৰাষ্ট্ৰীয় সংহতি আৰু সভ্যতাগত আত্মবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত ভাৰতৰ এক সুদূৰপ্ৰসাৰী দৃষ্টিভংগী আগবঢ়াইছিল।
অসমলৈ ড০ মুখার্জীৰ অসামান্য অৱদানৰ কথা উল্লেখ কৰি ড০ মেহজাবিনে কয় যে, জাতিৰ ইতিহাসৰ এক অতি সংকটময় সন্ধিক্ষণত তেখেতৰ দূৰদৰ্শী নেতৃত্ব আৰু দৃঢ় ৰাষ্ট্ৰীয় অৱস্থানৰ বাবে অসমবাসী চিৰঋণী হৈ থাকিব। স্বাধীনতাৰ পূৰ্বে কেবিনেট মিছনৰ গ্রুপিং পৰিকল্পনাৰ জৰিয়তে অসমক এখন মুছলমান সংখ্যাগৰিষ্ঠ প্রশাসনিক গোটত অন্তর্ভুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল, যাৰ ফলত অসমৰ জনবিন্যাস, সাংস্কৃতিক স্বকীয়তা আৰু ৰাজনৈতিক ভৱিষ্যৎ গভীৰ সংকটৰ সন্মুখীন হৈছিল। এনে পৰিস্থিতিত ড০ মুখার্জীয়ে এই ষড়যন্ত্ৰৰ বিৰুদ্ধে দেশব্যাপী আটাইতকৈ দৃঢ় আৰু স্পষ্ট কণ্ঠস্বৰ হিচাপে আত্মপ্রকাশ কৰিছিল। তেওঁ সাংবিধানিক যুক্তি, সংসদীয় হস্তক্ষেপ আৰু জাতীয় নেতৃত্বৰ সৈতে নিৰন্তৰ মত বিনিময়ৰ জৰিয়তে স্পষ্টভাৱে প্ৰতিপন্ন কৰিছিল যে অসমৰ ঐতিহাসিক স্বকীয়তা আৰু কৌশলগত অৱস্থান ভাৰতৰ সৈতে ইয়াৰ অখণ্ড সংযোগক কেৱল সাংবিধানিক প্রয়োজনীয়তাই নহয়, এক সভ্যতাগত অনিবার্যতাও কৰি তোলে। তেওঁৰ দৃঢ় পদক্ষেপে জাতীয় মতৈক্য গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, যাৰ ফলত অসম বিভাজনৰ ৰাজনৈতিক অনিশ্চয়তাৰ সলনি ভাৰতীয় সংঘ ৰাজ্যৰ এক অবিচ্ছেদ্য অংশ হিচাপে অটুট থকাত সক্ষম হৈছিল।
উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত গুৰুত্ব জাতীয় আলোচনাৰ কেন্দ্ৰবিন্দু হৈ উঠাৰ বহু আগতেই ড০ মুখার্জীয়ে এই অঞ্চলক ভাৰতৰ সভ্যতাৰ পূৰ্বদ্বাৰ আৰু ভূ কৌশলগত প্ৰৱেশদ্বাৰ হিচাপে চিহ্নিত কৰিছিল। ভাৰতৰ ভৌগোলিক অখণ্ডতা সুৰক্ষিত ৰখা, ৰাষ্ট্ৰীয় নিৰাপত্তা সুদৃঢ় কৰা আৰু দক্ষিণ পূব এছিয়াৰ সৈতে অর্থনৈতিক সংযোগ সম্প্ৰসাৰণত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অপৰিহাৰ্য ভূমিকাৰ বিষয়ে তেওঁৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগী আজিৰ অভূতপূর্ব আন্তঃগাঁথনি উন্নয়ন আৰু এই অঞ্চলৰ ক্ৰমবর্ধমান কৌশলগত গুৰুত্বৰ মাজেৰে বাস্তৱ ৰূপ লাভ কৰিবলৈ সক্ষম হৈছে।
লগতে উল্লেখ কৰি মুখপাত্ৰগৰাকীয়ে কয় যে, ড০ মুখার্জীৰ ৰাজনৈতিক জীৱন আছিল বিদ্বৎতা, সাংবিধানিক নৈতিকতা আৰু আপোচহীন ৰাষ্ট্ৰবাদৰ এক অনন্য সমন্বয়। জাতীয় স্বার্থৰ্থৰ প্রশ্নত কেন্দ্ৰীয় মন্ত্রীসভাৰ পৰা তেওঁৰ পদত্যাগ, ১৯৫১ চনত ভাৰতীয় জনসংঘ প্রতিষ্ঠা আৰু জম্মু কাশ্মীৰত প্রচলিত সাংবিধানিক ব্যতিক্ৰমীতাৰ বিৰুদ্ধে তেওঁৰ নির্ভীক সংগ্রাম ভাৰতৰ অখণ্ডতাৰ প্ৰতি তেওঁৰ অবিচল বিশ্বাসৰেই প্রতিফলন। ‘এখন দেশত দুখন বিধান, দুটা নিশান আৰু দুজন প্রধান চলিব নোৱাৰে’ এই ঐতিহাসিক আহ্বানেই ভাৰতৰ সাংবিধানিক ঐক্যৰ এক চিৰস্মৰণীয় ঘোষণা হিচাপে পৰিগণিত হৈছিল। সম্পূৰ্ণ ৰাষ্ট্ৰীয় সংহতিৰ বাবে সংগ্রাম কৰি তেওঁ দিয়া সর্বোচ্চ বলিদানে তেওঁক স্বাধীন ভাৰতৰ ইতিহাসত ৰাষ্ট্ৰবাদ আৰু জাতীয় ঐক্যৰ এক অমৰ প্ৰতীক হিচাপে প্রতিষ্ঠা কৰিছে।
ড০ শ্যামা প্রসাদ মুখার্জীৰ উত্তৰাধিকাৰ কেৱল ইতিহাসৰ বিষয় নহয়; ই আজিও প্রতিজন ৰাষ্ট্ৰভক্তক প্ৰেৰণা যোগাই আহিছে। ভাৰতৰ ঐক্য, সভ্যতাগত ঐতিহ্য আৰু গণতান্ত্রিক প্রতিষ্ঠানসমূহ সুদৃঢ় কৰাৰ বাবে তেওঁৰ আদৰ্শই সদায় পথ প্রদর্শন কৰি থাকিব। তেওঁ সকলো কার্যকর্তা আৰু নাগৰিকক ড০ মুখার্জীৰ আত্মনিবেদিত সেৱা, বৌদ্ধিক সততা, সাংবিধানিক ৰাষ্ট্ৰবাদ আৰু ৰাষ্ট্ৰৰ প্ৰতি অকৃত্ৰিম দায়বদ্ধতাৰ আদৰ্শ দৈনন্দিন জীৱনত বাস্তৱায়িত কৰাৰ বাবে মুখপাত্র ড০ জাফ্রীন মেহজাবিনে আহ্বান জনায়।
অনুষ্ঠানৰ অন্তত উপস্থিত সকলো কার্যকর্তাই ড০ শ্যামা প্রসাদ মুখার্জীৰ শক্তিশালী, ঐক্যবদ্ধ, আত্মবিশ্বাসী আৰু সাংস্কৃতিক এখন ভাৰত গঢ়াৰ চিৰন্তন দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে দৃঢ় সংকল্প গ্রহণ কৰে।
