Voice of Eastern India

ষঠ পূজাক লৈ গুৱাহাটী যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা  


গুৱাহাটী যান-বাহন আৰক্ষীয়ে ষঠ পূজা উদযাপনৰ পৰিপ্ৰেক্ষিতত যান-বাহন চলাচলক লৈ নিৰ্দেশনা জাৰি কৰিছে।

ষঠ পূজা উদযাপনৰ পৰিপ্ৰেক্ষিতত ১৫ আৰু ১৬ নৱেম্বৰত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত গুৱাহাটী যান-বাহন আৰক্ষীয়ে যান-বাহন নিয়ন্ত্ৰণ, পথ পৰিৱৰ্তন (আৰু পাৰ্কিং সম্পৰ্কীয় কেইবাটাও নিৰ্দেশনা জাৰি কৰিছে।

যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্তই জাৰি কৰা নিৰ্দেশনা অনুসৰি, ১৫ নৱেম্বৰৰ পুৱা ১১ বজাৰ পৰা ১৬ নৱেম্বৰৰ পুৱা ১১ বজালৈ এই নিষেধাজ্ঞাসমূহ বলৱৎ থাকিব। বিশেষকৈ ভক্তসকলৰ ব্যাপক সমাগম হ’বলগীয়া অঞ্চলসমূহত যান-বাহনৰ চলাচল নিয়ন্ত্ৰণ আৰু উৎসৱটি সুকলমে সম্পন্ন কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

এই নিৰ্দেশনা অনুসৰি, উক্ত সময়ছোৱাত মাছখোৱা পইণ্টৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলো পইণ্টলৈকে এম জি ৰোডত বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন আৰু ঠেলা, ৰিক্সা, ঘোঁৰা গাড়ী আদিৰ দৰে লেহেমীয়া গতিৰ বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। অৱশ্যে, ভক্তসকলৰ বাবে পূজাৰ সামগ্ৰী কঢ়িওৱা লেহেমীয়া গতিৰ বাহনসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।

খানাপাৰাৰ পৰা ভৰলুমুখ অভিমুখে অহা চিটি বাছ আৰু এ এছ টি চি বাছসমূহ জি এছ ৰোড–এ টি ৰোড হৈ যাব লাগিব আৰু পানবজাৰ বা পানবজাৰ ৰে’লৱে অভাৰব্ৰীজৰ ওপৰেৰে যাবলৈ দিয়া নহ’ব।

একেদৰে, জালুকবাৰীৰ পৰা অহা বাছসমূহক মাছখোৱা পইণ্টৰ পৰা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসগৃহলৈকে এম জি ৰোডত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। এই বাহনসমূহক চানমাৰি আৰু নুনমাটি হৈ এ টি ৰোড আৰু এইচ বি ৰোডৰ ফালে ঘূৰাই পঠিওৱা হ’ব।

নিষেধাজ্ঞা বলৱৎ থকা সময়ছোৱাত জালুকবাৰীৰ ফালৰ পৰা আন্তঃজিলা বাছ আৰু অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত ৰঙা ৰঙৰ গ্ৰাম্য সেৱাৰ বাছকে ধৰি গধুৰ যান-বাহনসমূহ মহানগৰীত প্ৰৱেশ কৰিব নোৱাৰিব। অৱশ্যে, চিটি বাছ আৰু ভক্ত কঢ়িওৱা বাহনসমূহক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।

যান-বাহন আৰক্ষীয়ে ভক্তসকলক ঘাটলৈ যোৱাৰ বাবে চাৰিচকীয়া বাহন ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাইছে, কিয়নো ছয়চকীয়া বাহনৰ চলাচলত অনুমতি দিয়া নহ’ব।

যান-বাহন ব্যৱস্থাপনাৰ অংশ হিচাপে ভৰলুমুখৰ পৰা পানবজাৰ আৰু চানমাৰি অভিমুখে অহা বাহনসমূহ মাছখোৱাত এলিভেটেড কৰিড’ৰৰ ফালে ঘূৰাই দিয়া হ’ব আৰু টি আৰ পি ৰোড (TRP Road) বা এ টি ৰোড হৈ এইচ বি ৰোডলৈ পঠিওৱা হ’ব।

এইচ বি ৰোড হৈ চানমাৰি আৰু লতাশিল অভিমুখে যোৱা বাহনসমূহে এন বি হল পইণ্টত বাঁওফালে ঘূৰি এফ চি ৰোড  হৈ যাব লাগিব।

যান-বাহন আৰক্ষীয়ে ভৰলুমুখৰ ফালৰ পৰা ভক্ত আৰু পূজাৰ সামগ্ৰী কঢ়িয়াই অনা বাহনসমূহ পাৰ্কিং কৰাৰ বাবে কেইবাটাও স্থান নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত লাচিত ঘাট, লখী গলি, চেম্বাৰ ৰোড, এম এছ ৰোড, এছ আৰ চি বি ৰোড (SRCB Road) আৰু এম জি ৰোডৰ বজাৰৰ ফালৰ অংশ অন্তৰ্ভুক্ত আছে।সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ ভিতৰতো পাৰ্কিঙৰ অনুমতি দিয়া হ’ব।

লগতে পঢ়ক: গুৱাহাটী অভিমুখী ইণ্ডিগ’ বিমানত বিসংগতি; জৰুৰীকালীন অৱতৰণ

Source link



Source link

Leave A Reply

Your email address will not be published.