ভাগিনৰ এটা মেছেজ, মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক সঁহাৰি। কিছু মুহূৰ্ততে লাভ কৰিলে জীৱন প্ৰেৰণাৰ ধন।
“হেল্ল’ মামা, জীৱন প্ৰেৰণাৰ টকা এতিয়াও দিয়া নাই যে”- মুখ্যমন্ত্ৰীক ভাগিনৰ মেছেজ। এই মেছেজৰ পিছতে কোনো আনুষ্ঠানিকতাৰ অপেক্ষা নকৰি নিজেই বিষয়টো সমাধান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিছু মুহূৰ্তৰ ভিতৰতে ধন লাভ কৰাৰ খবৰ দি মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে ভাগিন তথা হিতাধিকাৰী দীপান্বিতা পাটগিৰিয়ে (Assam Jibon Prerana Scheme)।
দীপান্বিতাৰ সৈতে ফেচবুকত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই ব্যতিক্ৰমী বাৰ্তালাপ এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ফেচবুকত বাৰ্তালাপৰ স্ক্ৰীণশ্বট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা এই আন্তৰিক কথোপকথনত এগৰাকী যুৱ হিতাধিকাৰীৰ সমস্যাৰ প্ৰতি তেওঁৰ তাৎক্ষণিক সঁহাৰি আৰু উৎসাহজনক বাৰ্তা বিশেষভাৱে চৰ্চা লাভ কৰিছে (Assam Government Scheme)।
দীপান্বিতাই মুখ্যমন্ত্ৰীলৈ মেছেজত লিখিছিল, “হেল্ল’ মামা, জীৱন প্ৰেৰণাৰ টকা এতিয়াও দিয়া নাই যে”। ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰী ড০ শৰ্মাই টকা পঠোৱা বুলি জনাই তেওঁ ধন লাভ কৰিছেনে নাই সোধে। কিছু মুহূৰ্তৰ পাছতে দীপান্বিতাই ধন লাভ কৰা বুলি নিশ্চিত কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনায়। ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁক উৎসাহ যোগাই কয়, “ভালকৈ পঢ়া আৰু আগবাঢ়ি যোৱা। অল দ্য বেষ্ট।”

এই আঁচনিখনৰ ৰূপায়ণ চলিত বছৰৰ আৰম্ভণিতে কিছু সমস্যাৰ সন্মুখীন হৈছিল আৰু কিছু সময়ৰ বাবে ধন বিতৰণ স্থগিত ৰখা হৈছিল। পৰৱৰ্তী সময়ত অসম চৰকাৰে ঘোষণা কৰে যে ছেপ্টেম্বৰৰ পৰা আঁচনিখনৰ ধন পুনৰ প্ৰদান কৰা হ’ব আৰু হিতাধিকাৰীসকলৰ বেংক একাউণ্টত এককালীন ১০,০০০ টকা জমা কৰা হ’ব।
২০২৫ চনত আৰম্ভ কৰা মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখনৰ জৰিয়তে শিক্ষাজীৱনৰ পৰা কৰ্মজীৱনলৈ পৰিৱৰ্তনৰ সময়ছোৱাত নতুনকৈ স্নাতক হোৱা যুৱক-যুৱতীসকলক সহায় আগবঢ়োৱা হয়।
এই আঁচনিৰ অধীনত অসমৰ চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা স্নাতক হোৱা যোগ্য প্ৰাৰ্থীসকলক ১২ মাহৰ বাবে প্ৰতিমাহে ২,৫০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়।
লগতে পঢ়ক: ‘অসম আৰক্ষীত পুনৰ ১৫-২০ হাজাৰ নিযুক্তি দিয়া হ’ব’; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা
