Voice of Eastern India

১ আগষ্ট নহয়! এইখন জিলাত ৯ আগষ্টলৈ বৃদ্ধি গ্ৰীষ্ম বন্ধ…


জুলাই মাহ শেষ হোৱাৰ লগে লগে ১ আগষ্টৰ পৰা ৰাজ্যৰ সকলো বিদ্যালয়সমূহ আৰম্ভ হ’ব পাঠদান। তাৰ মাজতে ৰাজ্যৰ এইখন জিলাত বৃদ্ধি কৰা হ’ল গ্ৰীষ্ম বন্ধ।

উজনি অসমৰ ৪ খনকৈ জিলাত এতিয়াও বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাত আছে। বানৰ বিভীষিকাৰ পাছত ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে শিৱসাগৰ জিলা প্ৰশাসনে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰত বৃদ্ধি কৰা হ’ল গ্ৰীষ্ম বন্ধৰ দিন। ১ আগষ্টৰ পৰিৱৰ্তে এতিয়া ১০ আগষ্ট খোলা হ’ব সকলো বিদ্যালয়। অর্থাৎ ৯ আগষ্ট লৈকে জিলাখনত বন্ধ থাকিব সকলো বিদ্যালয়।

প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি শেহতীয়া বানপানী আৰু তাৰ পাছত বিদ্যালয়সমূহ পৰিষ্কাৰ, অনাময় (sanitization) আৰু নিৰাপদ কৰি তোলাৰ উদ্দেশ্যে শিৱসাগৰ জিলা প্ৰশাসনে সকলো চৰকাৰী, প্ৰাদেশিকীকৃত, এড-হক আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ লগতে আশ্ৰয় শিবিৰ হিচাপে কাৰ্যকৰী হৈ থকা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ গ্ৰীষ্মকালীন বন্ধ ৯ আগষ্ট, ২০২৬ লৈ বৃদ্ধি কৰিছে।

ছাত্ৰ-ছাত্ৰীসকলৰ নিয়মিত পাঠদান ১০ আগষ্ট, ২০২৬ ৰ পৰা আৰম্ভ হ’ব। ১ আগষ্টৰ পৰা সকলো শিক্ষক-শিক্ষয়িত্ৰী আৰু অ-শিক্ষক কৰ্মচাৰীয়ে বিদ্যালয়ত উপস্থিত থাকি পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু পুনৰুদ্ধাৰৰ কাম-কাজ তদাৰক কৰিব লাগিব।

যিবোৰ প্ৰতিষ্ঠানত পূৰ্বৰ পৰাই পৰীক্ষা নিৰ্ধাৰিত হৈ আছিল, তাত প্ৰয়োজনীয় নিৰাপত্তা ব্যৱস্থাৰে পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব।

লগতে পঢ়ক: বন্যাৰ্তক সকাহ দিয়াৰ বাবে ৫ আগষ্টত বীমা কোম্পানীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে

Source link



Source link

Leave A Reply

Your email address will not be published.