ৰাজ্যৰ উচ্ছেদিত পৰিয়াললৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এক বৃহৎ সকাহ দিছে। উচ্ছেদিত পৰিয়ালৰ তাৎক্ষণিক পুনৰ সংস্থাপন আৰু পুনৰাসনৰ নিৰ্দেশ দিছে।
উচ্ছেদিত পৰিয়াললৈ এক ডাঙৰ সকাহ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে উচ্ছেদিত পৰিয়ালক তাৎক্ষণিক ভাৱে পুনৰ সংস্থাপনৰ নিৰ্দেশ দিছে। উচ্ছেদিতক পুনৰ্বাসন আৰু ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ দিছে। ছিপাঝাৰৰ গৰুখুঁটি, গোৱালপাৰাৰ হাচিলা বিল, কামৰূপৰ বঙৰা আৰু নগাঁৱৰ কচুৱাত উচ্ছেদিত পৰিয়ালসমূহৰ ক্ষেত্ৰত ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিছে ।
ন্যায়ালয়ে অহা ১৬ ডিচেম্বৰৰ পূৰ্বে উচ্ছেদিত পৰিয়ালসমূহক চৰকাৰে কেনেদৰে ক্ষতিপূৰণ প্ৰদান কৰিব আৰু পুনৰ্বাসনৰ ব্যৱস্থা গ্ৰহণ কৰিব, সেই সম্পৰ্কে শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।এই নিৰ্দেশৰ পিছতে উচ্ছেদিত পৰিয়ালসমূহৰ মাজত নতুন আশাৰ সঞ্চাৰ হৈছে। দীৰ্ঘদিন ধৰি অনিশ্চয়তাৰ মাজত থকা পৰিয়ালসমূহে এতিয়া চৰকাৰৰ পৰৱৰ্তী পদক্ষেপলৈ অপেক্ষা কৰিছে।
উল্লেখ্য যে, উচ্ছেদৰ ফলত বাসস্থান হেৰুওৱা পৰিয়ালসমূহৰ পুনৰ্বাসন আৰু ক্ষতিপূৰণৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰিছে উচ্চ ন্যায়ালয়ে।ন্যায়াধীশ দেৱশীষ বৰুৱাৰ খণ্ড বিচাৰপীঠে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনাটো দিছে। জানিব পৰা মতে, উচ্ছেদিত পৰিয়ালৰ হৈ অধিবক্তা জুনেইদ খালিদে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। সেই আবেদনৰ ভিত্তিতেই গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে নিৰ্দেশ প্ৰদান কৰে।
