Voice of Eastern India

সাংবাদিক, সাহিত্যিক ৰয়েল পেগু


Journalist Writer Royal Pegu

🙏 সাংবাদিক-লেখক ৰয়েল পেগুৰ সাহিত‍্য কৃতি

ৰয়েল পেগু প্রগতিশীল চিন্তা-চৰ্চাৰে দায়বদ্ধ তথা প্রতিশ্রুতিসম্পন্ন এগৰাকী সাংবাদিক-লেখক, কবি আৰু প্ৰকৃতিকৰ্মী। ৰয়েল পেগুৱে সাংবাদিকতাৰ উপৰি দীৰ্ঘবছৰ ধৰি বন, বন্যপ্রাণী আৰু পৰিৱেশ সংৰক্ষণৰ বাবে স্বেচ্ছাই কাম কৰি আহিছে। সাংবাদিক-লেখক তথা প্রকৃতিকর্মী ৰয়েল পেগুৱে বিশেষকৈ সুদীর্ঘবছৰ ধৰি নির্ভীক সাংবাদিকতাৰ লগতে সাহিত্য চর্চাৰে কেইবাখনো মৌলিক গ্ৰন্থ প্রণয়ন কৰি মিচিং আৰু অসমীয়া সংবাদ আৰু সাহিত্যৰ জগতলৈ অনবদ্য অৱদান আগবঢ়াইছে। তদুপৰি পৰিৱেশ সংৰক্ষণৰ বাবেও ৰয়েল পেগুৱে সক্রিয়ভাৱে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। ধেমাজি জিলাৰ জোনাই সমজিলাৰএকমাত্ৰ বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্র্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষা আৰু পবাক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণাৰ বাবে সক্রিয় ভূমিকা পালন কৰি আহিছে। ৰয়েল পেগুৱে মিচিং জনগোষ্ঠীৰ স্বাধিকাৰ সংগ্ৰাম আৰু ৰাজনীতি, সমাজ-সংস্কৃতি, বৰ্ষাৰণ্য পবা বনাঞ্চলৰ হাতপুথিৰ লগতে কবিতা, গ্রন্থ আলোচনা, জীৱনীমূলক লেখা, পৰিৱেশ সংৰক্ষণৰ বিষয়, ভ্রমণ কাহিনীকলৈ কেইবাখনো মৌলিক গ্ৰন্থ প্রণয়ন কৰাৰ উপৰি ‍ডেৰ ডজনতকৈ অধিক স্মৃতিগ্রন্থ-আলোচনী, গ্ৰন্থ আদি সম্পাদনা কৰিছে। ৰয়েল পেগুৱে বিভিন্ন প্রকৃতি সংগঠনৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ লগতো সক্রিয়ভাৱে জড়িত।

জন্ম: সাংবাদিক-লেখক ৰয়েল পেগুৰ জন্ম হয় ধেমাজি জিলাৰ জোনাই সমজিলাৰ ৰামধন-দিখাৰী গাঁৱত ১৯৭৪ চনৰ ২৯ জুনত। পিতৃ আৰু মাতৃৰ নাম ক্রমে অন্নৰাম পেগু আৰু নীলিমা পেগু। ৰয়েল পেগু বর্তমান মিগৰ দলুং, জোনাই, ধেমাজি জিলা, অসমৰ নিবাসী।

শিক্ষা: ৰয়েল পেগুৱে ৰামধন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা, ৰামধন মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা নিম্ন মাধ্যমিক আৰু ১৯৯২ চনত লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ। ১৯৯৪ চনত ধেমাজি কমাৰ্চ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিচত লখিমপুৰ কমার্চ কলেজত বাণিজ্য বিভাগত নামভর্তি কৰে যদিও শিক্ষা আধৰুৱা কৰি ঘূৰি আহি ৰয়েল পেগুৱে ২০০০ চনত মুর্কংচেলেক মহাবিদ্যালয়ৰ পৰা কলা বিভাগত স্নাতক ডিগ্রী অৰ্জন কৰে।

সাংবাদিকতা: ৰয়েল পেগুৱে ১৯৯৮ চনৰ ১৫ জানুৱাৰীত সাংবাদিকতাৰ ডিপ্ল’মা লাভ কৰাৰ পিচৰে পৰা অৰ্থাৎ ১৯৯৮ চনৰ পৰা বৰ্তমানলৈ ‘অসমীয়া প্রতিদিন’ কাকতত জোনাইৰ পৰা সাংবাদিকতা কৰি আহিছে। ‘নিউজ টাইম অসম’ আৰু ‘প্রতিদিন টাইম’ বৈদ্যুতিন মাধ্যমটো ২০১৩ চনৰ পৰা ২০২২ চনৰ ২ মে’লৈ সংবাদ সেৱা আগবঢ়ায়। তদুপৰি অসমীয়া প্রতিদিন, সাদিন কাকতৰ লগতে বিভিন্ন আলোচনী আদিত সাহিত্য চর্চা কৰি আহিছে।

বিবাহ: ২০০৩ চনৰ ৩ মে’ত সবিতা ডেকাৰ লগত ৰয়েল পেগুৰ বিয়া হয়। ২০০৫ চনৰ ৩ নৱেম্বৰত এটি কন্যা সন্তান আৰু ২০১৩ চনৰ ১৫ ডিচেম্বৰত আন এটা সন্তান জন্ম হয়। নামঃ ৰুয়ুম, উজ্জ্বল।

গ্রন্থ প্রকাশ: সাংবাদিক-লেখক ৰয়েল পেগুৱে কেইবাখনো গ্রন্থ প্ৰণয়ন কৰিছে। তদুপৰি তেওঁ ভালেমান গ্ৰন্থ আৰু স্মৃতিগ্ৰন্থৰ সম্পাদনা কৰিছে।
নিজা গ্রন্থঃ
(১) মিচিং জনগোষ্ঠীৰ আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰু ৰাজনীতি (নৱেম্বৰ, ২০১২, পৰিবৰ্ধিত দ্বিতীয় সংস্কৰণ-২০২২ চন)।
(২) অৰণ্য-জনাৰণ্য (জানুৱাৰী, ২০১৫)।
(৩) বৰ্ষাৰণ্য পবা (হাতপুথি, আছুৰ পবা মাৰাথন দৌৰ, মার্চ, ২০১৪ আৰু বৰ্ষাৰণ্য পবা মহোৎসৱ, ফেব্ৰুৱাৰী, ২০১৫)।
(৪) ‘সমাজ-সংস্কৃতি আৰু অন্যান্য’ (জানুৱাৰী, ২০১৮)।
(৫) ‘বর্ষাৰণ্য পবা-শতিকাগৰকা দুলুঙৰ জীৱ-বৈচিত্র্য’ (ধেমাজি জিলাৰ জীৱ-বৈচিত্র্যৰ ভঁৰাল তথা একমাত্ৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল আৰু লখিমপুৰ জিলাৰ শতিকাগৰকা দুলুং সংৰক্ষিত বনাঞ্চল সম্পর্কিত হাতপুথি, জানুৱাৰী, ২০১৮)।
(৬) ‘ৰৌদ্রোজ্জ্বল প্রভাত’, (কাব্যপুথি, নৱেম্বৰ, ২০২২)।
(৭) ‘ৰূপালী জয়ন্তী গৰকা- জোনাই প্রেছ ক্লাব’, (মে’, ২০২৩)।
(৮) ‘জাতীয়তাবাদ- প্রকৃতি আৰু অন্যান্য’, (২০২৩)।
(৯) নির্বাচিত সম্পাদকীয়, (২০২৪)।
(১০) পবা বন্যপ্রাণী অভয়াৰণ্য, (২০২৫)।
১১/ জ’নাই-মুৰ্কংচেলেকৰ ইতিবৃত্ত (২০২৬)।
১২/ সূৰ্যসম্ভৱা সময় (২০২৬)।

সম্পাদিত গ্রন্থ/আলোচনী/স্মৃতিগ্রন্থ/লেখা ইত্যাদি-

সাংবাদিক ৰয়েল পেগুৱে কেইবাখনো স্মৃতিগ্রন্থ, আলোচনী আৰু গ্ৰন্থ সম্পাদনা কৰিছে। ইয়াৰ ভিতৰত আছে-
(১) ‘মুর্কংচেলেক’: ‘তানি সাহিত্য গোষ্ঠী’ৰ দ্বাৰা প্ৰকাশ পোৱা মিচিং-অসমীয়া দ্বি-ভাষিক তিনিমহীয়া আলোচনী (২০০৭- ০৮ চন)। ‘মুর্কংচেলেক’ আলোচনীখনৰ পাঁচটা সংখ্যা প্রকাশ পাই বন্ধ হৈ আছে।
(২) ‘লৃগাং’: মুর্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ ৪৯ সংখ্যক কেন্দ্ৰীয় আলি-আয়ে-লৃগাং কৃষ্টি উদযাপন উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ (২০০৩ চন)।
(৩) ‘লৃগাং আআৃন বৃঃৰৃগ’: মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ সোণালী জয়ন্তী সামৰণী অনুষ্ঠান আৰু ৫১ সংখ্যক কেন্দ্রীয় আলি-আয়ে লৃগাং কৃষ্টি উদযাপন উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ (২০০৫ চন)।
(৪) ‘মুৰ্কংচেলেক স্মাৰকগ্রন্থ’: অসম সাহিত্য সভাৰ সপ্ততিতম ধেমাজি অধিৱেশন উপলক্ষে আদৰণী সমিতিয়ে প্রকাশ কৰা স্মাৰকগ্রন্থ (১৪-১৮ ফেব্ৰুৱাৰী, ২০০৯ চন)।
(৫) ‘ককৰলি’: টি এম পি কে কেন্দ্রীয় কমিটীৰ ত্ৰয়োদশ দ্বি-বার্ষিক জোনাই অধিৱেশন উপলক্ষে আদৰণী সমিতিয়ে প্ৰকাশ কৰা স্মৃতিগ্রন্থ (২০০৯ চনৰ ১৯-২২ মার্চ)।
(৬) ‘জোনবিৰি’: জোনাই আঞ্চলিক ছাত্র সন্থাৰ সৌজন্যত নৱম বাৰ্ষিক বৃহত্তৰ ৰঙালী বিহু বিদায় সন্মিলন উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ (২০০৯ চন ২২-২৪ মে’)।
(৭) ‘চিয়াং বগ্গ’ : মিচিং আগম কেবাঙৰ বিশ সংখ্যক দ্বি-বার্ষিক জোনাই অধিৱেশন উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ (১৬-১৯ জানুৱাৰী, ২০১২ চন)।
(৮) ‘বৰ্ষাৰণ্য পবা’: ধেমাজি জিলাৰ একমাত্ৰ জীৱ-বৈচিত্র্যৰ ভঁৰাল তথা বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ ওপৰত প্ৰবন্ধ সংকলন (প্রকাশ কাল জানুৱাৰী, ২০১২ চন)।
(৯) ‘অংগীকাৰ’: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ মধ্যকালীন জোনাই অধিৱেশন আৰু জাতীয় মহিলা পৰিষদৰ দ্বি-বার্ষিক অধিৱেশন উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ (২৯-৩১ মার্চ, (২০১২ চন)।
(১০) ডিৰাম কুম্বাঙলৈ শ্ৰদ্ধাঞ্জলি, স্মাৰক গ্রন্থ (বিজয় বৰিৰ সৈতে যুটীয়াভাৱে সম্পাদিত, ২০১২)
(১১) কৰেছপণ্ডেণ্ট : ধেমাজি জিলা সাংবাদিক সংস্থাৰ চতুৰ্থ দ্বি-বার্ষিক চিলাপথাৰ অধিৱেশনৰ স্মৃতিগ্ৰন্থ (৫, ৬ আৰু ৭ জুলাই, ২০১৩)।
(১২) কবলং: তানি সাহিত্য গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত তিনিমহীয়া কাব্যালোচনী, (প্রথম সংখ্য, জানুৱাৰী-মার্চ, ২০১৫। যুটীয়াভাৱে সম্পাদিত।)
(১৩) চিয়াংপৰীয়া সুহুৰী: বৰ্ষাৰণ্য পবা মহোৎসৱ উপলক্ষে প্রকাশিত কাব্যালোচনী (প্রথম সংখ্য, ফেব্ৰুৱাৰী, ২০১৫। যুটীয়াভাৱে সম্পাদিত।)
(১৪) কৰেছপণ্ডেণ্ট : ধেমাজি জিলা সাংবাদিক সংস্থাৰ পঞ্চম দ্বি-বার্ষিক জোনাই অধিৱেশনৰ স্মৃতিগ্রন্থ (২০১৫)।
(১৫) জঃনেকৰং: মিচিং বাঃনে কেবাঙৰ ৩৬ সংখ্যক সাধাৰণ অধিৱেশন উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ।প্রকাশ: ফেব্ৰুৱাৰী, ২০১৮, যুটীয়াভাৱে সম্পাদিত।
(১৬) কপৌফুল: সদৌ জোনাই কেন্দ্রীয় ৰঙালী বিহু সন্মিলনৰ সোণালী জয়ন্তী বর্ষ বিহু সন্মিলন উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ। প্রকাশ: এপ্রিল, ২০১৮।
(১৭) গান্ধীবাদী-স্বাধীনতা সংগ্রামী শিক্ষাবিদ গগন চন্দ্ৰ আগৰৱালা: মুর্কংচেলেক-জ’নাই অঞ্চলৰ শিক্ষাৰ বাটকটীয়া শিক্ষাবিদ, গান্ধীবাদী-স্বাধীনতা সংগ্রামী গগন চন্দ্ৰ আগৰৱালাৰ জীৱন আৰু কৰ্ম সম্পর্কিত স্মাৰকগ্রন্থ। প্রথম প্রকাশ: ফেব্ৰুৱাৰী, ২০১৮, বিজয় বৰিৰ সৈতে যুটীয়াভাৱে সম্পাদিত।
(১৮) গালৃং : অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত জোনাইত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত আলি-আয়ে-লৃগাং উৎসৱ উদযাপন উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ। প্রকাশক: অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়। প্রথম প্রকাশ: ২০ ফেব্ৰুৱাৰী, ২০১৯ চন, যুটীয়াভাৱে সম্পাদিত।
১৯) মুর্কংচেলেক: বিগত ২৩, ২৪, ২৫ আৰু ২৬ অক্টোবৰ, ২০১৯ চনত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই ‘সাধাৰণ সভা’ উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ (মুখ্য সম্পাদক: ৰয়েল পেণ্ড, সহকাৰী সম্পাদকঃ হেমন্ত কোঁচ)।
২০) ‘কৃতী শিক্ষয়িত্রী অমান্তিবালা দলে-স্মৰণিকা’: কৃতী শিক্ষয়িত্রী অমান্তিবালা দলেৰ ২৪ ডিচেম্বৰ, ২০১৯ ত আয়োজন কৰা দহাৰ লগত সংগতি ৰাখি তেখেতৰ জীৱন আদর্শ আৰু কৰ্মৰাজিৰ ওপৰত প্ৰণয়ন কৰা আৰু পৰিয়ালবৰ্গৰ দ্বাৰা প্রকাশিত।
২১) পুণ্যকান্ত মিলিৰ অভিনন্দন গ্রন্থ- প্রকৃতিকর্মী পুণ্যকান্ত মিলিৰ জীৱন আদর্শ আৰু কৰ্মৰাজিৰ ওপৰত প্ৰণয়ন কৰা আৰু ‘ছেভ পবা ৰেইন ফৰেষ্ট’ (এন জি অ’, পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী, জোনাই, ধেমাজি, অসম)ৰ হৈ আখৰ প্ৰকাশ, গুৱাহাটীৰ দ্বাৰা প্রকাশিত, ২০১৯ চন। (সম্পাদক ৰয়েল পেগু, সহযোগী সম্পাদক: বিজয় বৰি, সহকাৰী সম্পাদক: ভাস্কৰজ্যোতি টায়েং)।
২২) বার্তাজীৱী- জোনাই প্ৰেছ ক্লাবৰ ১ অক্টোবৰ, ২০২১ চনত অনুষ্ঠিত হোৱা দশম সংখ্যক সাধাৰণ অধিৱেশন উপলক্ষে প্রকাশিত মুখপত্র, (তৃতীয় সংখ্যা), (বিজয় বৰিৰ সৈতে যুটীয়াভাৱে)।
২৩) নিভাঁজ জাতীয় চেতনাৰে উদ্বুদ্ধ দূর্ণকান্ত পেগু : মিচিং ভাষা-সাহিত্যৰ নীৰৱ সেৱক, বিশিষ্ট সমাজকর্মী, মুর্কংচেলেক খণ্ড প্রাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চবর্গ সহায়ক দূৰ্ণকান্ত পেগুৰ জীৱন আদর্শ আৰু কৰ্মৰাজিৰ ওপৰত প্রকাশিত স্মৰণিকা, ২০২২ চন।
২৪) মিমাগ: মিচিংসকলৰ সংগ্ৰামী সংগঠন মিচিং মিমাগ কেবাঙৰ ৩০ এপ্রিল, ১ মে’, ২০২২ তাৰিখে বর্ণাঢ্য দুদিনীয়া কাৰ্যসূচীৰে লখিমপুৰ জিলাৰ বগীনদীৰ চেঃদি-মেঃল লত্তাত অনুষ্ঠিত হোৱা অষ্টম সংখ্যক সাধাৰণ অধিৱেশন উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ। প্রথম প্রকাশ- এপ্রিল, ২০২২ চন।
২৫) দুলুং-সোৱণশিৰি- স্মৃতিগ্রন্থ। মিচিং স্বায়ত্তশাসিত পৰিষদৰ ইক টুৰিজম ডেভলপমেণ্ট ছ’চাইটিৰ পৃষ্ঠপোষকতাত আৰু দুলুং-সোৱণশিৰি কনজাৰভেচন ছ’চাইটিৰ উদ্যোগত ২২, ২৩ আৰু ২৪ ডিচেম্বৰ, ২০২৩ ত অনুষ্ঠিত হোৱা দ্বিতায় দুলুং-সোৱণশিৰি মহোৎসৱ উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ।
২৬) মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি ডাঃ ঘনকান্ত লাগাচু- মিচিং আগম কেবাং, দঃঞি পঃল য়েলাম কেবাং, অসমৰ প্ৰাক্তন সভাপতি, সু-চিকিৎসক, বিশিষ্ট সাহিত্যিক, সমাজ সংগঠক ডাঃ ঘনকান্ত লাগাচুৰ জীৱন আৰু কৰ্ম সম্পর্কিত স্মাৰক গ্রন্থ (নৱেম্বৰ ২০২৪)।
২৭) পবা, স্মৃতিগ্রন্থ- মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত আৰু জ’নাইবাসী ৰাইজৰ সহযোগত ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰী, ২০২৫ ত অনুষ্ঠিত হোৱা দ্বিতীয় পবা বর্ষাবণ্য মহোৎসৱ উপলক্ষে প্রকাশিত স্মৃতিগ্রন্থ (বিজয় বৰিৰ সৈতে যুটীয়াভাৱে)।
২৮) মিগৰ : স্মৃতিগ্রন্থ- মিগৰ দঃলুং গাঁৱৰ ৰূপালী জয়ন্তী বর্ষ আলি-আঃয়ে লৃগাং উৎসৱ (১৮ আৰু ১৯ ফেব্ৰুৱাৰী ২০২৫ চন) উদযাপন উপলক্ষে প্রকাশিত।
২৯) জোনবিৰি- স্মৃতিগ্রন্থ, জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ জোনাইবাসী ৰাইজৰ সহযোগত পঞ্চবিংশতিতম তথা ৰূপালী জয়ন্তী বর্ষ জোনাই ৰঙালী বিহু সন্মিলন উদযাপন উপলক্ষে প্রকাশিত। প্রকাশ কাল: মে’, ২০২৫ চন।
৩০) দিখাৰী প:ৰাগ, ২০২৬ চন।
৩১/ কাব‍্যাগম (২০২৬)।

তদুপৰি ৰয়েল পেগুৰ অসমীয়া প্রতিদিন, সাদিন, দৈনিক জনমভূমি, অসম আদিত‍্য আদি বিভিন্ন কাকতকে ধৰি বিভিন্ন আলোচনী-স্মৃতিগ্রন্থত বহু প্রবন্ধ, গ্রন্থ আলোচনা, পৰিৱেশ সংৰক্ষণ, ভ্ৰমণ কাহিনী, জীৱনীমূলক লেখা আৰু ভালেসংখ্যক কবিতা আদি প্রকাশ পাইছে।

গৱেষণা পত্রঃ
(১) অসম সাহিত্য সভাৰ উদ্যোগত বিগত ২৯ ফেব্ৰুৱাৰী, ১ আৰু ২ মার্চ, ২০১২ চনত ধেমাজি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰত মূল বিষয় : ‘অসমৰ নদী আৰু সংস্কৃতি, উপ-বিষয়: নদীৰ বানপানী সমস্যা আৰু সমাধান’ শীর্ষ বিষয়ৰ ওপৰত ব্ৰহ্মপুত্ৰৰ উপ নৈ চিমেন নদী আৰু ডেপি নদীক ক্ষেত্ৰ অধ্যয়নৰথলী হিচাপে লৈ যুগুত কৰা (ৰাজীৱ পেগুৰ সৈতে যুটীয়াভাৱে) গৱেষণা পত্র পাঠ কৰে।

পবা তথ্যচিত্র নির্মাণ: ‘ছেভ পবা ৰেইন ফৰেষ্ট’ (এন জি অ’) বেনাৰত নিৰ্মিত- ‘বৰ্ষাৰণ্য পবা’ (২০২০ চন) তথ্যচিত্ৰখন পৰিচালনা কৰে। অসমৰ উত্তৰ-পূব কোণ তথা হিমালয়ৰ পাদদেশত অৱস্থিত ধেমাজি জিলা সীমান্তৱৰ্তী জোনাই সমজিলাৰ মানচিত্ৰৰ বুকুত গৌৰৱময় ঐতিহ্যৰে সমৃদ্ধ বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্র্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলৰ আপুৰুগীয়া প্রাকৃতিক সম্পদ উদ্ভিদ আৰু জীৱকুলক ৰাইজৰ কাষলৈ নি চিনাকি কৰি দিয়া লগতে বৰ্ষাৰণ্য পবাক ৰাষ্ট্ৰীয় বন্যপ্রাণী অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগত সৃষ্টিৰ উদ্দেশ্যই ‘ছেভ পবা ৰেইন ফৰেষ্ট’ (এন জি অ’) বেনাৰত ‘বৰ্ষাৰণ্য পবা’ তথ্যচিত্ৰখন নিৰ্মাণ কৰা হয়।

পবা বৰ্ষাৰণ্য তথ্যচিত্র: ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ নিবেদন আৰু ৰয়েল পেগুৰ ৰচনা আৰু পৰিচালনাত ‘পবা বৰ্ষাৰণ্য তথ্যচিত্ৰ’ এখন বিগত ২৪ জুন, ২০২৩ চনত দূৰদৰ্শনত প্ৰথম বাৰলৈ সম্প্ৰসাৰণ কৰা হয়।

সাংবাদিক-লেখক ৰয়েল পেগু বিভিন্ন সংগঠন-অনুষ্ঠানৰ লগত জড়িত।
(১) জোনাই প্ৰেছ ক্লাবৰ প্ৰতিস্থাপক সদস্য (১৯৯৯)। ১৯৯৯-ৰ পৰা ২০০২ চনলৈ জোনাই প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক। ২০০২ চনৰ পৰা ২০০৮ চনৰ ১১ আগষ্টলৈ উপ-সভাপতি আৰু ২০০৮ চনৰ ১১ আগষ্টৰ পৰা ২০১১ চনৰ ছেপ্টেম্বৰলৈ জোনাই প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক। জোনাই প্ৰেছ ক্লাবৰ সভাপতি ২০২১ চনৰ পৰা ২০২৬ লৈ।
(২) সদৌ অসম সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সদস্য (২০০০-০২ চন, তিনিচুকীয়া অধিৱেশন) আৰু সাংগঠনিক সম্পাদক (২০০২-০৪ চন, বোকাখাত অধিৱেশন)।
(৩) ধেমাজি জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক (০৬-০২-২০১৫ চনৰ পৰা ২৬-০৪-২০১৯ চনলৈ। তদুপৰি ধেমাজি জিলা সাংবাদিক সংস্থাৰ সহকাৰী সম্পাদক (২০০৫-০৯ চন) আৰু পত্রিকা সম্পাদক (২০১১-১৫ চন) হিচাপে কাৰ্যনিৰ্বাহক কৰিছিল।
(৪) ১৯৯৯ চনৰ পৰা ২০০০ চনলৈ টি এম পি কেৰ জোনাই জিলা সমিতিৰ সহকাৰী সম্পাদক তথা ভাৰপ্ৰাপ্ত সম্পাদক।
(৫) জোনাই শাখা সাহিত্য সভাৰ প্ৰত্ৰিকা সম্পাদক (২০০৯)।
(৬) উত্তৰ-পূব ভাৰতৰ অগ্ৰণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্ছ বেকনৰ কৰ্মী (২০০৭ চনৰ পৰা)।
(৭) মিচিং বানে কেবাঙৰ প্ৰচাৰ সম্পাদক, ২০১৪-১৮ চন।
(৮) মুর্কংচেলেক বাংকে মিচিং আগম কেবাঙৰ উপ-সভাপতি (২০১২-২০২৩ চন।
(৯) উত্তৰ অসমৰ অগ্রণী পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী ‘ছেভ পবা ৰেইন ফৰেষ্ট’ৰ প্ৰতিষ্ঠাপক সভাপতি (প্রতিষ্ঠা ২০১০ চনৰ পৰা বৰ্তমানলৈ)।
(১০) পবা বনাঞ্চল সুৰক্ষা সমন্বয়ৰক্ষী সমিতিৰ সাধাৰণ সম্পাদক (২০১৪-১৫ চন)।
(১১) ‘টাকাব চন্দ্র মেদক স্মৃতি ন্যাসৰ সাধাৰণ সম্পাদক ২০১৬ চনৰ পৰা বৰ্তমানলৈ)।
(১২) মিচিং জার্নেলিষ্ট ট্রাষ্টৰ প্ৰতিষ্ঠাপক সভাপতি ২০১৭ চনৰ পৰা ২০২৫ চনলৈ)।
(১৩) মুৰ্কংচেলেক টাউন হাইস্কুলৰ পৰিচালনা সমিতিৰ উপ-সভাপতি, ২০১৭ চনৰ পৰা বৰ্তমানলৈ)।
(১৪) সদৌ অসম কবি সন্মিলনৰ জোনাই শাখাৰ প্ৰতিষ্ঠাপক উপ-সভাপতি, ২৯ আগষ্ট, ২০২২-২০২৬।
(১৫) মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কার্যনির্বাহক সদস্য। ২৮, ২৯ আৰু ৩০ মে’, ২০২৩ ত গোগামুখত অনুষ্ঠিত হোৱা ২৪ সংখ্যক অধিৱেশন তথা সোণালী জয়ন্তী সামৰণী অনুষ্ঠানৰ প্ৰতিনিধি সভাত ৰয়েল পেগুক মিচিং আগম কেবাঙৰ কেন্দ্ৰীয় কার্যনির্বাহক সদস্য হিচাপে নিৰ্বাচন কৰা হয়।

তদুপৰি ৰয়েল পেগু বিভিন্ন সামাজিক কাম-কাজৰ লগতে পবা সংৰক্ষণ আন্দোলনৰ লগত জড়িত পৰিৱেশকর্মী।

বঁটা: সুদীর্ঘ বছৰ ধৰি সাহিত্য, সংবাদ আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰখনত জড়িত থকা ৰয়েল পেগুৱে কেইবাটাও বঁটা লাভ কৰিছে।
(ক) স্বৰ্গায় হৰিৰাম খাণ্ডেলীয়া বঁটা: সাংবাদিকতাৰ জৰিয়তে গ্রাম্য সমাজ জীৱনলৈ বিশেষ অৰিহণা আগবঢ়োৱাৰ বাবে ধেমাজি জিলা সাংবাদিক সন্থাই যোৱা ২০১১ চনত সাংবাদিক ৰয়েল পেগুক ‘স্বর্গীয় হৰিৰাম খাণ্ডেলীয়া বঁটা’ প্রদান কৰে। উক্ত বঁটাটি ২০১১ চনৰ ২১ আৰু ২২ মে’ত গোগামুখ প্রেছ ক্লাবত অনুষ্ঠিত ধেমাজি জিলা সাংবাদিক সন্থাৰ তৃতীয় দ্বি-বার্ষিক সাধাৰণ অধিৱেশনৰ দ্বিতীয় দিনা অনুষ্ঠিত মুকলি সভাত প্ৰদান কৰে।

(খ) গাজিৰাম মিলি সোঁৱৰণী সাংবাদিকতা বঁটা: সাংবাদিকৰতাৰ জৰিয়তে নিষ্ঠাৰে মিচিং কৃষ্টি-সংস্কৃতিৰ লগতে বৃহত্তৰ অসমীয়া সাহিত্য-সংস্কৃতি আৰু ‘বৰ্ষাৰণ্য পবা’ আৰু ‘অৰণ্য-জনাৰণ্য’ পুথি প্ৰণয়নেৰে অৰণ্য সুৰক্ষাৰ ক্ষেত্ৰত বহুমূলীয়া অৱদান আগবঢ়োৱাৰ বাবে মিচিং ৱ’ৰ্ল্ডৰ (আৰ্থ-সামাজিক আৰু সাংস্কৃতিক গৱেষণা কেন্দ্ৰ) তৰপৰ পৰা ২০১৬ চনত লেখক-সাংবাদিক ৰয়েল পেগুক ‘গাজিৰাম মিলি সোঁৱৰণী সাংবাদিকতা বঁটা’ প্ৰদান কৰা হয়। মিচিং ৱ’ৰ্ডৰ সপ্তম বার্ষিক প্রতিষ্ঠা দিৱস উপলক্ষে ২০১৬ চনৰ ১৯ মাৰ্চত দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা সভাত সাংবাদিক ৰয়েল পেণ্ডক এই বঁটা আনুষ্ঠানিকভাৱে প্রদান কৰা হয়।

(গ) বন্যপ্রাণী আৰু পৰিৱেশ সংক্রান্তীয় সন্মান : সংবাদক্ষেত্ৰ আৰু সমাজ জীৱনলৈ সংবাদ সেৱাৰ জৰিয়তে বিশেষ অৱদান আগবঢ়োৱাৰ বাবে যুৱ সাংবাদিক সন্থা, অসমৰ তৃতীয় বার্ষিক প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে যোৱা দহ ফেব্ৰুৱাৰী, ২০২১ চনত অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ জয়ন্ত কুমাৰ বৰুৱা আৰু লখিমী বৰুৱা সদনত ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট সাংবাদিকক বিশেষ সন্মান প্রদান কৰা হয়। সংবাদ সেৱাৰ জৰিযতে বন্যপ্রাণী আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বিশেষ অৱদানৰ স্বীকৃতি হিচাপে যুৱ সাংবাদিক সন্থা, অসমৰ তৃতীয় বার্ষিক প্রতিষ্ঠা দিৱসত সাংবাদিক-প্রকৃতিকর্মী ৰয়েল পেগুক ‘বন্যপ্রাণী আৰু পৰিৱেশ সংক্রান্তীয় বঁটা’ প্রদান কৰা হয়।

(ঘ) শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ‘সাংবাদিকতা বঁটা-২০২৩’: উত্তৰ-পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ১০, ১১ আৰু ১২ ফেব্ৰুৱাৰী, ২০২৩ ত ধেমাজি জিলাৰ জোনাই মহকুমাৰ চিমেন চাপৰিৰ চেৰেণ পথাৰৰ পৰমানন্দন আতা সমন্বয় ক্ষেত্রত অনুষ্ঠিত হোৱা ৯২ সংখ্যক জোনাই বার্ষিক অধিৱেশনৰ শেষৰ দিনা মুকলি সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘই এই বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা ‘সাংবাদিকতা বঁটা-২০২৩’ ‘অসমীয়া প্ৰতিদিন’ৰ সাংবাদিক-লেখক, পৰিৱেশকৰ্মী ৰয়েল পেগুক প্ৰদান কৰা হয়। মুকলি সভাত শ্রীমন্ত শংকৰদেৱ সংঘৰ নৱ নিৰ্বাচিত পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা আৰু প্ৰধান সম্পাদক বাবুল বৰাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ‘সাংবাদিকতা বঁটাৰ লগত ৰয়েল পেগুক প্রশস্তি পত্ৰ, স্মাৰক, অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা আৰু নগদ ১১ হেজাৰ টকা প্রদান কৰে।

সম্বর্ধনা: সাংবাদিক ৰয়েল পেগুৱে সাংবাদিকতাৰ লগতে নিজৰ কৰ্মৰ জৰিয়তে সমাজ-জীৱনলৈ অনবদ্য অবদান আগবঢ়োৱাৰ বাবে বিভিন্ন অনুষ্ঠানে সম্বর্ধনা জনাইছে।

(ক) বিগত ৩ ডিচেম্বৰ, ২০১৭ চনত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজন কৰা ‘সাদিন-প্রতিদিন গোষ্ঠী’ৰ ২০১৭ বৰ্ষৰ ‘এচিভাৰ এৱাৰ্ডছ’ প্রদান অনুষ্ঠানত সাংবাদিকৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৰ বাবে সাংবাদিক ৰয়েল পেগুক বিশেষ সম্বর্ধনা জনোৱা হয়।

(খ) অসম চৰকাৰৰ অসম উচ্চ শিক্ষা বিভাগৰ ‘অসম ভাষা গৌৰৱ আঁচনি’ৰ অন্তৰ্গত তথা বিগত ১ ফেব্ৰুৱাৰী, ২০২১ চনত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজন কৰা লেখক সম্বর্ধনা অনুষ্ঠানত অসম ভাষা-সাহিত্যলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদান বাবে লেখক-সাংবাদিক ৰয়েল পেণ্ডক বিশেষ সম্বর্ধনা জনোৱাৰ লগতে ৫০ হেজাৰ টকাৰ আৰ্থিক অনুদান প্রদান কৰা হয়।

(গ) ধেমাজি জিলাৰ জোনাই মহকুমা প্রশাসনৰ উদ্যোগত ২০২১ চনৰ ১৫ আগষ্টত জোনাই গান্ধী ময়দানত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস পালন অনুষ্ঠানত সাংবাদিকতাৰ জৰিয়তে সমাজ জীৱনলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে সাংবাদিক ৰয়েল পেগুক জোনাই মহকুমা প্রশাসনৰ হৈ জোনাই মহকুমাধিপতি প্রদীপ কুমাৰ দ্বিবেদীয়ে (আই এ এছ) সম্বর্ধনা জনোৱা হয়।

(ঘ) ধেমাজি জিলাৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক, বৌদ্ধিক বিকাশৰ বাবে সেৱা আগবঢ়াই অহা ‘ভোগজৰা’ৰ উদ্যোগত বিগত ২৪, ডিচেম্বৰ, ২০২১ চনত ধেমাজি জিলা গ্রামোন্নয়ন কাৰ্যালয়ৰ চৌহদত অনুষ্ঠিত হোৱা অধ্যয়ন উৎসৱত সাংবাদিক, কবি-নাট্যকর্মী অনির্বাণ বি গোহাঁইৰ স্মৰণত সাংবাদিকতাৰ জৰিয়তে পাৰদৰ্শীতাৰে সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে সাংবাদিক ৰয়েল পেগুক বিশেষ সম্বর্ধনা জনোৱা হয়।

(ঙ) অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত যোৱা ২৭ ছেপ্টেম্বৰ, ২০২২ ত কাজিৰঙাৰ কহৰাত ‘বিশ্ব পর্যটন দিৱস’ উদযাপন অনুষ্ঠানত ‘বন্যপ্ৰণী সংৰক্ষণ’ৰ ক্ষেত্ৰত আগবঢ়োৱা অপৰিসীম অৱদানৰ স্বীকৃতি হিচাপে প্রকৃতিকর্মী, সাংবাদিক ৰয়েল পেগুক অসম চৰকাৰৰ পৰ্যটন বিভাগৰ হৈ পৰ্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱাই বিশেষ সম্বর্ধনা জনোৱা হয়।

চ/ কিতাপৰ বন্ধু : অসমৰ সংগীত জগতৰ মুকুটবিহীন সম্ৰাট, অমৰশিল্পী সত্তা জুবিন গাৰ্গৰ ৫৩ সংখ‍্যক ওপজা দিন উপলক্ষে ১৮ নৱেম্বৰ, ২০২৫ চনত অসম গণ পৰিষদৰ জোনাই বিধানসভা সমষ্টি কমিটীৰ উদ‍্যোগত নিজা কাৰ্যালয়ত ‘জাতীয় স্বাভিমান দিৱস’ হিচাপে উদযাপন অনুষ্ঠানত লেখক-সাংবাদিক ৰয়েল পেগুক ‘কিতাপৰ বন্ধু’ হিচাপে সন্মান প্ৰদান কৰি বিশেষ সম্বৰ্ধনা জনোৱা হয়। জুবিন গাৰ্গে কৈছিল, ‘কিতাপ নথকা জাতিক গামোচাই বচাব নোৱাৰে’। মানৱ সভ‍্যতাৰ বিকাশত গ্ৰন্থৰ গুৰুত্ব আৰু নতুন প্ৰজন্মৰ মাজত গ্ৰন্থ অধ‍্যয়নৰ আন্দোলন প্ৰসাৰত প্ৰতিজন সচেতন মানুহৰ দায়ত্ব আছে।

ছ/ অসম বাৰ্তাজীৱী সংঘৰ ৪ আৰু ৫ জানুৱাৰী, ২০২৬ চনত গুৱাহাটীত অনুষ্ঠিত হোৱা সোণালী জয়ন্তীৰ সামৰণি সমাৰোহৰ শেষৰ দিনা অনুষ্ঠিত হোৱা মুকলি সভাত অসম বার্তাজীৱী সংঘই সাংবাদিকতাৰ জৰিয়তে সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢোৱাৰ বাবে সাংবাদিক ৰয়েল পেগুক বিশেষ সম্বৰ্ধনা জনোৱা হয়। ইণ্ডিয়ান ফেডাৰেচন অৱ বর্কিং জার্নেলিষ্টৰ প্রধান সচিব তথা বিশিষ্ট সাংবাদিক পৰমানন্দ পাণ্ডেৰ দ্বাৰা বিশিষ্ট সাংবাদিক হিচাপে ৰয়েল পেগুক বিশেষ সম্বর্ধনা জনোৱা হয়।

ৰয়েল পেগু।
গাঁও: মিগৰ দলুং, জোনাই বজাৰ।
ডাক: জোনাই।
জিলা: ধেমাজি, অসম।
পিন: ৭৮৭০৬০
ম’বাইল: ৯৯৫৪৬৩৮৯৬৭, ৮৬৩৮৭২৪৯৪১



Source link

Leave A Reply

Your email address will not be published.