বান ধ্বংসলীলাৰ বুজ ল’বলৈ শিৱসাগৰত কেন্দ্ৰীয় দল: বিস্তৰ ক্ষয়-ক্ষতিৰ খতিয়ান
অসমৰ সাম্প্রতিক ভয়াবহ বান পৰিস্থিতি আৰু ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ ২৭ জুলাইত কেন্দ্ৰীয় চৰকাৰৰ এটি প্ৰতিনিধি দলে শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহ ভ্ৰমণ কৰে । ভ্ৰমণকালত দলটোৱে বিভিন্ন অঞ্চলত ক্ষেত্ৰভিত্তিক পৰিদৰ্শন চলোৱাৰ উপৰিও শিৱসাগৰৰ আয়ুক্তৰ কাৰ্যালয়ত বিভাগীয় বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয় । কেবিনেট মন্ত্ৰী কেশৱ মহন্ত আৰু বিমল বৰাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত চলাই থকা সাহায্য আৰু পুনৰসংস্থাপন কাৰ্যসূচীৰ পৰ্যালোচনা কৰা হয় ।
ইয়াৰ পিছতে কেন্দ্ৰীয় দলটোৱে ফুকন নগৰ প্ৰাথমিক বিদ্যালয়, বেতবাৰী আৰু নাজিৰাৰ সাহায্য শিবিৰসমূহ পৰিদৰ্শন কৰি আশ্ৰয়ৰত লোকসকলৰ বুজ লয় আৰু কৰ্তব্যৰত বিষয়াসকলৰ সৈতে মতবিনিময় কৰে ।
ইফালে এক সংবাদমেল যোগে কেবিনেট মন্ত্ৰী বিমল বৰাই জনায় যে কেৱল শিৱসাগৰ জিলাতে বানৰ ফলত ৩১ জন লোকৰ মৃত্যু হৈছে, ৩ জন লোক এতিয়াও সন্ধানহীন আৰু আৰক্ষীৰ ওচৰত ৭ টা সন্ধানহীন ঘটনা পঞ্জীয়ন কৰা হৈছে । ইয়াৰ উপৰিও চৰাইদেউত ২০, ধেমাজিত ৩, গোলাঘাটত ২ আৰু শোণিতপুৰত ১ জন লোকৰ সলিল সমাধি ঘটিছে ।
জিলাখনত হোৱা ক্ষয়-ক্ষতিৰ খতিয়ান দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত ২১৫ টা পথ, প্ৰায় ৩৫০ খন বিদ্যালয়, ৪৬২ টা জল জীৱন মিছনৰ প্ৰকল্প আৰু ১৯ টা মথাউৰি বিস্তৰভাৱে ক্ষতিগ্ৰস্ত হৈছে ।
কেন্দ্ৰীয় প্ৰতিনিধি দলটোৱে দাখিল কৰিবলগীয়া এই তদন্ত প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰিয়েই কেন্দ্ৰীয় চৰকাৰে অসমৰ বানাক্ৰান্ত জিলাসমূহৰ বাবে প্রয়োজনীয় বিত্তীয় সাহায্য আৰু পুনৰসংস্থাপনৰ পৰিমাণ নিৰ্ধাৰণ কৰিব ।
লগতে পঢ়ক : বানাক্ৰান্তলৈ অসম ৰাজ্যিক বিজেপিৰ ১২ কোটি টকাৰ সাহাৰ্যৰ অভিযান
