শুকুৰবাৰে বানপীড়িতৰ কাষত উপস্থিত হয় অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই। বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষতিগ্রস্ত পৰিয়ালসমূহক প্রয়োজনীয় সাহায্য সামগ্ৰী বিতৰণ কৰে।
অলিম্পিক পদক বিজয়ী তথা কমনৱেলথ গেমছৰ চেম্পিয়ন লাভলীনা বৰগোহাঁইয়ে ৭ আগষ্টত শিৱসাগৰ জিলাৰ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰি শেহতীয়া বানত ক্ষতিগ্রস্ত পৰিয়ালসমূহক প্রয়োজনীয় সাহায্য সামগ্ৰী বিতৰণৰ জৰিয়তে সহায়ৰ হাত আগবঢ়ায়।
এই পৰিদৰ্শনকালত তাৰকা বক্সাৰগৰাকীয়ে বানপীড়িত ৰাইজৰ সৈতে বাৰ্তালাপ কৰে, তেওঁলোকৰ সমস্যাসমূহ শুনে আৰু এই কঠিন সময়ত তেওঁলোকৰ কাষত থকাৰ আশ্বাস দিয়ে।
বানপানীয়ে সৃষ্টি কৰা ধ্বংসলীলতাত গভীৰ দুখ প্ৰকাশ কৰি লাভলীনাই কয় যে বানপীড়িত সকলৰ অৱস্থা অত্যন্ত হৃদয়বিদাৰক।
“ইয়ালৈ আহি এই পৰিস্থিতি দেখাৰ পিছত মোৰ বুকুখন ভাঙি গৈছে। সকলো হেৰুৱাই মানুহবোৰ মানসিকভাৱে ভাঙি পৰিছে। এই পানী কেতিয়া শুকাব তাৰ থিৰাং নাই।যি খেতি-বাতি কৰিছিল সেয়াও সকলো পানীৰ তলত। ইয়াৰ লোকসকলে কি ভুগি আছে সেয়া তেওঁলোকে হে উপলব্ধি কৰিব পাৰিব। মই তেওঁলোকৰ কাষত থিয় হ’বলৈ আৰু মানসিকভাৱে ভাগি পৰা লোকসকলক এষাৰ মাত দিবলৈ ইয়ালৈ আহিছোঁ” বুলিও লাভলীনাই কয়।
