TAL Society organised Special Felicitation to Meritorious Students on KingjunAo Panging’s birthday 2026
TAL Society (for Socio-economic-Health-Education-Sports and Culture)

হেঙেৰাবাৰীত তাল চচাইটীৰ উদ্যোগত কৃতী ছাত্ৰ ছাত্ৰীক বিশেষ অভিনন্দন
ABKK Kamarupa গুৱাহাটী, ৭ আগষ্ট : অসমৰ আৰ্থ-সামাজিক, ক্ৰীড়া, স্বাস্থ্য, সাংস্কৃতিক আৰু শৈক্ষিক দিশৰ উত্তৰণৰ বাবে স্বেচ্ছাসেৱী সংগঠন তাল চচাইটীৰ উদ্যোগত কৃতী ছাত্ৰ-ছাত্ৰীক বিশেষ অভিনন্দন জনাই উৎসাহিত কৰাৰ লগতে নৱ প্ৰজন্মক বৌদ্ধিক বিকাশ সাধনৰ মহৎ প্ৰচেষ্টাক শলাগিবই লাগিব আৰু এই সদকৰ্ম ধাৰাৰ বোঁৱতি সুঁতি চিৰ প্ৰৱাহিত হৈ ৰওঁক বুলি মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰে বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক, সাহিত্যালোচনী ‘নৱনিধি’ৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মাই। ৬ আগষ্টত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত এন ই হাইজিন চল্যুচনৰ চানচাইড গ্যেষ্ট হাউচ প্ৰাঙ্গনত আয়োজন কৰা অসম লুতাদ আৰু স্বেচ্ছাসেৱী অনুষ্ঠান তাল চচাইটীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানত কবি- সাহিত্যিক দীপক শৰ্মাই আৰু কয় যে, কিংজোন আও পাংগিঙৰ প্ৰথম বাৰ্ষিক জন্ম দিনত তাল চচাইটীয়ে সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ লগতে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গৌৰৱ কঢ়িয়াই অনা ক্ৰীড়াবিদ আৰু ব্যক্তিবিশেষক সন্মান প্ৰদৰ্শন কৰাটো নিতান্তই প্ৰশংসনীয়।

এবিকেকে কামৰূপৰ সম্পাদক মিগাং অৰিন্দম প্ৰিন্স পাংগিঙে আঁতধৰা অনুষ্ঠানত অসম অসামৰিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা অসম চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সঞ্চালক কৃষ্ণৰাম মিলিয়ে মত ব্যক্ত কৰে যে, আমি জ্ঞান আৰু প্ৰজ্ঞাৰ বাবে সাধনাত ব্ৰতী হৈ নিজৰ ভৰিত থিয় দি মূৰ তুলি চাব পাৰিব লাগিব আৰু সমাজৰ কল্যাণৰ বাবে অহোপুৰুষাৰ্থ অব্যাহত ৰাখে তাৰবাবে আজিৰ শুভক্ষণত সম্বৰ্ধিত হাইস্কুল, উচ্চতৰ আৰু বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ত কৃতীত্ব অৰ্জন কাৰী ছাত্ৰ ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।

এইবাৰৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰী বিশেষকৈ নয়নাভিৰাম মৰাং, তৃষ্ণা দাস, প্ৰিয়ংকা য়েইন,আয়াংদ্বীপ মেদক আদিক এপি শৈক্ষিক বঁটা, ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা আৰ্টিষ্টটিক জিমনাষ্ট খৃষ্টী লয়িং, অধিবক্তা নীলাক্ষি ডেকা ইত্যাদিক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে সমাজকৰ্মী কুলেশ্বৰ লাগাচু, এন ই হাইজিন চল্যুচনৰ পৰিচালন সঞ্চালক নৱ কামান, সদৌ গুৱাহাটী মিচিং জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি অৱনী কুমাৰ মিলি, কণ্ঠশিল্পী ধৰণী টাও, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদ ভৱকান্ত য়েইন, সমাজকৰ্মী সত্যন্য দাস, লেখিকা ববিতা দাস, কাৰ্তিক ডেকা, সুনীল কুমাৰ টেৰণ, কণ্ঠশিল্পী ললিত পাংগিং, জয় দাস, ৰাতুল কুমাৰ, নৃত্য শিল্পী টকজিৰ কে দলে, সমাজকৰ্মী পিন্টু দাস, দেইজীৰাণী পাতিৰ দলে, কবি বৰ্ণালী বৰদলৈ, কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° দেৱাৰ্থ মৰাং আৰু কামৰূপ মহানগৰ জিলা আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ সভাপতি মৃগেন্দ্ৰ ভাগৱতী প্ৰভৃতিয়ে।



