Voice of Eastern India

পুৱাৰে পৰা অসহ্য গৰমত অতিষ্ঠ মহানগৰবাসী….


পুৱাই প্ৰখৰ ৰ’দে দহিছে মহানগৰবাসীক। আজিৰ দিনটো ৩৫ ৰ পৰা ৩৬ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত তাপমাত্ৰা হোৱাৰ সম্ভাৱনা।

বৰষুণৰ পিছত এতিয়া যেন সলনি হৈছে বতৰৰ মুড! পুৱাৰ পৰাই প্ৰখৰ ৰ’দে দহিছে মহানগৰবাসীক। সূৰ্যোদয়ৰ লগে লগে বৃদ্ধি পাইছে তাপমাত্ৰা, আৰু উৎকট গৰমত অস্বস্তিত পৰিছে সাধাৰণ জনতা।

পুৱাই ঘৰৰ পৰা ওলাই অহাৰ পাছতেই অনুভৱ হৈছে প্ৰচণ্ড গৰমৰ তীব্ৰতা। ৰ’দৰ প্ৰকোপ ইমানেই বেছি যে প্ৰয়োজন নহ’লে বাহিৰলৈ ওলাবলৈও সংকোচ কৰিছে বহু লোকে।

বতৰ সম্পৰ্কীয় তথ্য অনুসৰি, আজি তাপমাত্ৰা ৩৫ৰ পৰা ৩৬ ডিগ্ৰী ছেলছিয়াছ পৰ্যন্ত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ দুপৰীয়ালৈকে গৰমৰ তীব্ৰতা আৰু অধিক বৃদ্ধি পাব পাৰে।

প্ৰচণ্ড ৰ’দৰ ফলত ইতিমধ্যে কিছু কিছু ক্ষেত্ৰত ব্যাহত হৈছে জনজীৱন। দুপৰীয়াৰ ভাগলৈ গৰমৰ অস্বস্তিও অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

আবহাৱাৰ এই পৰিৱৰ্তনৰ মাজতে তাপমাত্ৰা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনাই ৰাজ্যবাসীৰ মাজত অস্বস্তি বৃদ্ধি কৰিছে।

লগতে পঢ়ক: দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত কিয় আহে টোপনি?

Source link



Source link

Leave A Reply

Your email address will not be published.