Voice of Eastern India

শিৱসাগৰ আৰু চৰাইদেউক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোযণা


উজনি অসমৰ বানে বিধ্বস্ত কৰা ৪ জিলাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।

লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উজনি অসমৰ ৪ জিলাৰ বান পৰিস্থিতক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বানত ক্ষতিগ্ৰস্ত ৪ জিলাৰ ৪৯৪টা অংগনৱাড়ী কেন্দ্ৰলৈ আঢ়ৈলাখ টকাকৈ সাহায্য প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে।বন্যাক্ৰান্ত বিদ্যালয়ৰ বাবে আমি পুঁজি দিছো।কিছু কিছু বিদ্যালয়ত ইতিমধ্যে পাঠদান আৰম্ভ হৈছে। বাকী বিদ্যালয় সমূহো ১৫ আগষ্টৰ পূৰ্বে পাঠদান আৰম্ভ হ’ব। নিয়ন্ত্ৰণলৈ অহা জিলাসমূহত ১৫ আগষ্টৰ পূৰ্বে সকলো বিদ্যালয় পাঠদানৰ উপযোগী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়, বৰ্তমানলৈ ৪ জিলাৰ বানত ক্ষতিগ্ৰস্ত ৬৪হাজাৰ ৮৯১ টা পৰিয়ালক ১৫ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে। বানত একেবাৰে ঘৰ-বাৰী নোহোৱা হৈ যোৱা অঞ্চলকেইটাত ৰাজ্য চৰকাৰে মডেল হাউছিং কলনীৰ চিন্তা কৰিব।এই কলনী নিৰ্মাণত মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধন ব্যৱহাৰ কৰা হ’ব। আনহাতে, যিবোৰ অঞ্চলত বৃহৎ পৰিমাণে গোধনৰ ক্ষতি হৈছে, তাত মিল্ক প্ৰচেছিং চেণ্টাৰ হিচাপে গঢ়ি তোলাৰো চেষ্টা কৰা হ’ব।

তেওঁ আৰু কয় বানৰ ক্ষয়-ক্ষতিৰ জৰীপত এতিয়ালৈকে ৮৩২৫ টা পৰিয়ালৰ ক্ষতিৰ নাম আহিছে।এই জৰীপৰ জৰিয়তে চৰকাৰৰ হাতলৈ এতিয়ালৈ প্ৰায় ১৫০ কোটি টকাৰ ক্ষয়-ক্ষতিৰ হিচাপ আহিছে। এই প্ৰক্ৰিয়া ৩০ আগষ্ট পৰ্যন্ত চলিব আৰু  বান পৰিস্থিতি বানত ক্ষতিগ্ৰস্ত ৬৪,৮৯১টা পৰিয়ালক ইতিমধ্যে ১৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। আনহাতে, বৰ্তমানেও ৩১,২১২টা পৰিয়ালক ১৫ হাজাৰ টকাকৈ সাহায্য মুকলি কৰি দিয়াৰ প্ৰক্ৰিয়া চলি আছে।অহা ২-৩ দিনৰ ভিতৰত এই পৰিয়ালসমূহেও আৰ্থিক সাহায্য লাভ কৰিব।

চাৰিখন জিলাত ২০টা বীমা প্ৰতিষ্ঠানে কাম কৰি আছে। এতিয়ালৈ ১,৭০৩গৰাকী ব্যক্তিয়ে বীমাৰ বাবে আবেদন কৰিছে। শিৱসাগৰ আৰু চৰাইদেউৰ ৰাইজক বীমাৰ ক্লেইম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অভাৱনীয়ভাৱে বৰঙণি আগবঢ়াইছে, এতিয়ালৈকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত ১৪২ কোটি টকা জমা হৈছে মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে সাহায্য।অসমৰ বান সমস্যাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত স্থায়ী সমাধান বিচৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এইবাৰৰ বানৰ সময়ত বহু ভিডিঅ’ ৰেকৰ্ড কৰি ৰখা হৈছে আৰু দেশৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানৰ সৈতে বান সমস্যাৰ বৈজ্ঞানিক সমাধানৰ বিষয়ে আলোচনা কৰা হ’ব।

আনহাতে ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ বহু ইউটিবাৰৰ ওপৰত ৰাজ্য চৰকাৰে নজৰ ৰাখিছে বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়। তেওঁ কয় যে, ৰাজ্যৰ লগতে অসমৰ বাহিৰৰ ৭২ গৰাকী ইউটিউবাৰে সাহায্যৰ নামত সংগ্ৰহ কৰিছিল ধন। যিসকলে প্ৰকৃততে বন্যাক্ৰান্তক সহায় কৰিছে তেওঁলোকক অভিনন্দন জনাব চৰকাৰে’। কিন্তু তেওঁলোকে বান সাহায্যৰ বাবে সংগ্ৰহ কৰা ধন ৰাজ্য চৰকাৰে পৰীক্ষা কৰিব আৰু এই ধন অসমলৈ আহি পাইছেনে নাই তথা ইয়াক কেনেদৰে ব্যৱহাৰ কৰা হৈছে, সেই বিষয়ে নিশ্চিত কৰিব।মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে ধন সংগ্ৰহ কৰিছে, তেওঁলোকৰ পৰা চৰকাৰে ক’ত আৰু কেনেকৈ সেই ধন খৰচ কৰা হৈছে, তাৰ সবিশেষ বিচাৰিব।

লগতে পঢ়ক: উজনিৰ বান বিধ্বস্ত ২০ খন বিদ্যালয়লৈ ১ কোটি টকাৰ অৰ্থ সাহায্য প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ

Source link



Source link

Leave A Reply

Your email address will not be published.