উজনিৰ বান বিধ্বস্ত ২০ খন বিদ্যালয়লৈ ১ কোটি টকাৰ অৰ্থ সাহায্য প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ
উজনিৰ বান বিধ্বস্ত নাজিৰা আৰু ডিমৌ সমষ্টিৰ ২০ খন বিদ্যালয়লৈ ১ কোটি টকাৰ অৰ্থ সাহায্য প্ৰদান কৰিছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ CMD ৰিণিকি ভূঞা শৰ্মাই।
উজনিৰ বান বিধ্বস্ত নাজিৰা আৰু ডিমৌ সমষ্টিৰ ২০ খন বিদ্যালয়লৈ ১ কোটি টকাৰ অৰ্থ সাহায্য প্ৰদান কৰিছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ । নাজিৰা সমষ্টিৰ বান বিধ্বস্ত ১৫খন বিদ্যালয়ক আনুষ্ঠানিকভাৱে ৫ লাখ টকাকৈ চেক প্ৰদান প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ CMD ৰিণিকি ভূঞা শৰ্মাৰ। বুধবাৰে নাজিৰা বৰতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ ৰিণিকি ভূঞা শৰ্মাই এই সাহাৰ্য প্ৰদান কৰে। ২০ খন বিদ্যালয়লৈ ১ কোটি টকাৰ সাহাৰ্য প্ৰদান প্ৰাইড ইষ্ট গ্ৰুপৰ। বান বিধ্বস্ত ২০ খন বিদ্যালয়ৰ প্ৰতিখনলৈ ৫ লাখ টকাকৈ সাহাৰ্যৰ চেক প্ৰদান ৰিণিকি ভূঞা শৰ্মাৰ। নাজিৰা সমষ্টিৰ ১৫খন আৰু ডিমৌৰ ৫খন বিদ্যালয়লৈ সাহায্য প্ৰদান।
সাহায্যৰ চেক প্ৰদান কৰি প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ CMD ৰিণিকি ভূঞা শৰ্মাই কয় যে, ইয়াত বানে যি ভয়ংকৰ ৰূপ ধাৰণ কৰিলে তাত সহায় কৰোতা কোনো নাছিলে। সকলো বানত ডুব গৈছিল। এই পৰিস্থিতিত বিদ্যালয় সমূহত একো নথি-পত্ৰ বানত উটি গ’ল। ঘৰবোৰৰ লগতে বিদ্যালয়ৰ বয়-বস্তু সমূহো ধ্বংস হৈ গ’ল। সেয়েহে আমি বিদ্যালয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি ২০ খন বিদ্যালয়লৈ ১ কোটি টকাৰ অৰ্থ সাহায্য প্ৰদান সিদ্ধান্ত ললো।
সেই বিদ্যালয় সমূহ হ’ল-
১. বিহুবৰ শিলনী এম ভি স্কুল
২. চণ্টক উচ্চ মাধ্যমিক বিদ্যালয়
৩. বামুণপুখুৰী আদর্শ বিদ্যালয়
৪. জয়খামদাং মলা গাঁও এম ই স্কুল
৫. নাজিৰা বৰতল উচ্চতৰ মাধ্যমিক বিদ্যালয়
৬. নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
৭. বাউলীমৈদাম উচ্চ মাধ্যমিক বিদ্যালয়
৮. শিমলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়
৯. বাঁহগড় ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়
১০. কেন্দুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়
১১. বহদৈ উচ্চ মাধ্যমিক বিদ্যালয়
১২. বানটুং উচ্চ মাধ্যমিক বিদ্যালয়
১৩. আমগুৰি চাহ বাগিচা আদর্শ মাধ্যমিক বিদ্যালয়
১৪. পি এম শ্রী বৰচিলা উচ্চতৰ মাধ্যমিক বিদ্যালয়
১৫. কৰুণাকান্ত গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৰ্থ সাহাৰ্য
আনহাতে ডিমৌ সমষ্টিৰ ৫খন বিদ্যালয়লৈ ৫ লাখ টকাকৈ অৰ্থ সাহাৰ্য প্ৰদান
১. ধিতাইপুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
২. বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয়
৩. ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয়
৪. বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয়
৫. বাঁহগড় উচ্চ মাধ্যমিক বিদ্যালয়
লগতে পঢ়ক; প্ৰচণ্ড গৰম; সলনি হ’ল এইখন জিলাৰ বিদ্যালয়ৰ সময়সূচী
