Voice of Eastern India

বহুবিবাহ কৰা চৰকাৰী কৰ্মচাৰীক সকীয়নি মুখ্যমন্ত্ৰীৰ


বহুবিবাহ কৰা চৰকাৰী কৰ্মচাৰী পৰিব বিপদত । মুখ্যমন্ত্ৰীয়ে দিলে সকীয়নি ।

বহু বিবাহ কৰা চৰকাৰী কৰ্মচাৰীক সকীয়নি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ । চৰকাৰী কৰ্মচাৰীয়ে বহুবিবাহ কৰোৱাটো সকলোতকৈ ডাঙৰ অপৰাধ বুলি উল্লেখ কৰি তেনে কৰ্মচাৰীৰ বিৰুদ্ধে বিভাগীয় তদন্ত হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে এতিয়াৰে পৰা বিবাহ বিচ্ছেদ নকৰাকৈ বহু বিবাহক লিপ্ত চৰকাৰী কৰ্মচাৰীৰ প্ৰথমা পত্নীয়ে আৱেদন কৰিলে লাভ কৰিব স্বামীৰ দৰমহাৰ ২০ শতাংশ ধন (Assam Government Employees)

সোমবাৰে অনুষ্ঠিত এক সংবাদমেলত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বিবাহ বিচ্ছেদ নকৰাকৈ প্ৰথমা পত্নীক স্বামীয়ে পৰিত্যাগ কৰা বুলি বহুতো মহিলাই তেওঁক কেইবাঠাইতো বিগত সময়ত অভিযোগ দিয়া বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সেইসকল ভুক্তভোগী মহিলাৰ কাৰোবাৰ কোলাত কেঁচুৱা থকাৰ ওপৰিও কাৰোবাক শাৰীৰিক-মানসিক নিৰ্যাতন কৰিও খেদি পঠোৱা হৈছে। ইয়াৰ ভিতৰত ভালে সংখ্যক চৰকাৰী কৰ্মচাৰী আছে বুলি উল্লেখ কৰে তেওঁ (Polygamy in Assam) ।

যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে প্ৰথমা পত্নীক বিবাহ বিচ্ছেদ নকৰাকৈ পৰিত্যাগ কৰে তেন্তে তাতকৈ ডাঙৰ অপৰাধ একো হব নোৱাৰে বুলি মন্তব্য কৰে। নিয়মতে তেনে চৰকাৰী কৰ্মচাৰীৰ চাকৰিত থকাৰো কোনো অধিকাৰ নাই বুলি উল্লেখ কৰে তেওঁ ।

অৱশ্যে এনে চৰকাৰী কৰ্মচাৰীক অভিযোগৰ তদন্ত বা বিভাগীয় তদন্ত নোহোৱাকৈ চাকৰিৰ পৰা সহজে আঁতৰাব নোৱাৰি । সেয়েহে পৰিত্যাগ কৰা প্ৰথমা পত্নীয়ে যদি আৱেদন কৰে তেতিয়া স্বামীৰ সম্পূৰ্ণ দৰমহাৰ ২০ শতাংশ তেওঁৰ একাউন্টত সোমাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ।

লগতে গোচৰৰ বিচাৰ আৰু বিভাগীয় তদন্ত চলি থকাৰ সমান্তৰালভাৱে ভুক্তভোগী মহিলাগৰাকীয়ে স্বামীৰ দৰমহাৰ ২০ শতাংশ ধন লাভ কৰি থাকিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক : নতুন নিযুক্তি আৰু পদোন্নতিক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.