নতুন নিযুক্তি প্ৰক্ৰিয়া আৰু পদোন্নতিক লৈ মুখ্যমন্ত্ৰী কৰিলে গুৰুত্বপূৰ্ণ ঘোষণা-
ৰাজ্যত নতুন নিযুক্তি আৰু পদোন্নতিক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । সোমবাৰে অনুষ্ঠিত হোৱা এক সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে ।
সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে, ২০২৬ বৰ্ষত ৰাজ্যত নতুন নিযুক্তি নহয়। ২০২৬ বৰ্ষত ৰাজ্যত পদোন্নতিহে হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । নতুন নিযুক্তি নিযুক্তি প্ৰক্ৰিয়া ২০২৭ বৰ্ষৰ পৰাহে আৰম্ভ হ’ব বুলি উল্লেখ কৰে তেওঁ (Assam Recruitment 2027) ।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-“নতুন নিযুক্তি প্ৰক্ৰিয়াত কিছু পলম হৈছে কাৰণ আমি প্ৰথম খালী পদৰ সংখ্যা ওলিয়াই ল’ব খুজিছোঁ । লগতে পদোন্নতিমূহো বাকী ৰৈ গৈছে (Assam Government Jobs 2026) । যদি পদোন্নতিসমূহ নহয় তেতিয়া খালী পদো সৃষ্টি নহয় । কম সংখ্যক পদ ওলালেও চাকৰি প্ৰত্যাশীসকলৰ সমস্যা হয়। গতিকে এই বছৰটোত কেৱল পদোন্নতিৰ কামহে কৰা হ’ব যাতে সৰ্বাধিক খালি পদ সৃষ্টি কৰিব পৰা যায়।“
লগতে পঢ়ক : কেৱল চৰকাৰী চাকৰি নহয়, কৃষিতো গঢ়ক কেৰিয়াৰঃ মন্ত্ৰী পীযুষ হাজৰীকাৰ আহ্বান
