প্ৰাক্তন বিধায়কসহ চাৰি কংগ্ৰেছী নেতাক বহিষ্কাৰ APCC-ৰ
প্ৰাক্তন বিধায়কসহ ৪ নেতাৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ । প্ৰাক্তন বিধায়কসহ ৪ গৰাকী কংগ্ৰেছ নেতাক দলৰ পৰা তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰিছে APCC-এ (Assam Congress) ।
১৬ আগষ্ট, দেওবাৰে ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰছুল হক (বাহাদুৰ)সহ চাৰিগৰাকী কংগ্ৰেছ নেতাক দলৰ প্ৰাথমিক সদস্যপদৰ পৰা তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰা হয় বুলি এক জাননীযোগে দলটোৱে প্ৰকাশ কৰিছে (Assam Congress news)।

ৰছুল হকৰ লগতে ধুবুৰী বিধানসভা সমষ্টিৰ টিকট প্ৰত্যাশী তথা প্ৰাক্তন জিলা পৰিষদ সদস্য ৰেজাউল ইছলাম (ৰিংকু), ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক মহিৰ উদ্দিন মণ্ডল আৰু মাছছিৰা গ্ৰাম পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য আফজল হুছেইনকো বহিষ্কাৰ কৰা হৈছে।
APCC-ৰ সভাপতি তথা লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈৰ নিৰ্দেশত এই অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় বুলি দলটৱো জানিবলৈ দিয়ে। অৱশ্যে এপিচিচিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰমন্না বৰুৱাই স্বাক্ষৰ কৰা এই নিৰ্দেশনাত বহিষ্কাৰৰ কাৰণ বা অভিযোগৰ কথা উল্লেখ কৰা নাই।
লগতে পঢ়ক : বিভাজনৰ দাগ কেতিয়াও পাহৰিব নোৱাৰিঃ হিমন্ত বিশ্ব শৰ্মা
