Voice of Eastern India

প্ৰবীণ ৰাজনীতিবিদ হেমেন দাসৰ কাষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


GMCHত হেমেন দাসক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

শনিবাৰে, স্বাধীনতা দিৱসৰ দিনা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল (GMCH)ত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিকিৎসাধীন জ্যেষ্ঠ কমিউনিষ্ট নেতা, প্ৰবীণ ৰাজনীতিবিদ তথা প্ৰাক্তন বিধায়ক হেমেন দাসৰ স্বাস্থ্যৰ বুজ লয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ থকা বৰ্যীয়ান নেতাগৰাকীৰ সৈতে কিছুসময় কটোৱাৰ লগতে তেওঁৰ আশু আৰোগ্য কামনা কৰে মুখ্যমন্ত্ৰীয়ে।

‘এক্স’ত এটা পোষ্ট কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে হেমেন দাস দ্ৰুতগতিত সুস্থ হৈ উঠিছে। লগতে তেওঁ কয়, কমিউনিষ্ট পাৰ্টিৰ আজীৱন সদস্য হেমেন দাস ১৯৭৮ চনত প্ৰথমবাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

ৰাজনৈতিক মতাদৰ্শ পৃথক হ’লেও কৃষক সমাজৰ সমস্যা আৰু পিছপৰা শ্ৰেণীৰ কল্যাণৰ প্ৰতি হেমেন দাসৰ নিষ্ঠাক তেওঁ সদায় সন্মান কৰি অহা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

লগতে পঢ়ক : বহুবিবাহৰ পৰা ছেমিকণ্ডাক্টৰলৈ…; মুখ্যমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

Source link





Source link

Leave A Reply

Your email address will not be published.