Voice of Eastern India

Dhubri News: আৰক্ষীৰ জালত ৩৬টাকৈ অবৈধ বাংলাদেশী


Dhubri News: যোগমায়া ঘাটত আৰক্ষীৰ অভিযান, আটক ৩৬টাকৈ সন্দেহযুক্ত বাংলাদেশী।

ধুবুৰী আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ অভিযানত ধুবুৰীত আটক কৰা হৈছে ৩৬টাকৈ সন্দেহযুক্ত বাংলাদেশী নাগৰিকক। ৩০ অক্টোবৰ, শুকুৰবাৰে ধুবুৰীৰ যোগমায়া ঘাটত আৰক্ষীয়ে আটক কৰে লোককেইজনক (Dhubri News)।

ধুবুৰী জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক দেৱাশিস বৰাই জনোৱা অনুসৰি, লোককেইজনে এখন যন্ত্ৰচালিত নাৱেৰে হাটশিঙিমাৰীৰ পৰা ধুবুৰীলৈ আহিছিল। তেওঁলোকৰ গতিবিধি সন্দৰ্ভত আৰক্ষীয়ে নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছতে অভিযান চলোৱা হয়। যোগমায়া ঘাটত নাওৰ পৰা নমাৰ কিছু সময়ৰ পিছতে আৰক্ষীৰ এটা দলে লোককেইজনক আটক কৰে (Suspected Bangladeshi Detained Dhubri)।

আটকাধীন আটাইকেইজনকে ধুবুৰীৰ চাউনিৰ আৰক্ষী ৰিজাৰ্ভলৈ লৈ যোৱা হয়। বৰ্তমান জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে তেওঁলোকক সোধা-পোছা কৰাৰ লগতে পৰিচয় সম্পৰ্কীয় নথি-পত্ৰ পৰীক্ষা কৰি আছে।

তেওঁলোকৰ প্ৰকৃত নাগৰিকত্ব আৰু কোন পথেৰে প্ৰৱেশ কৰিছিল, সেই বিষয়ে নিশ্চিত হ’বলৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ঘটনা সন্দৰ্ভত অধিক অনুসন্ধান চলি আছে।

লগতে পঢ়ক: Guwahati Bilas Inn murder case: ঘাতক ঘনকান্তক লগত লৈ সৌকুছিৰ ভাড়াঘৰত আৰক্ষী অভিযান

Source link



Source link

Leave A Reply

Your email address will not be published.