Voice of Eastern India

KBCৰ হটছিটত লাভলীনা, অমিতাভ বচ্চনৰ সন্মুখত অসম কন্যা


জনপ্ৰিয় টিভি কুইজ শ্ব’ কৌন বনেগা ক্ৰোড়পতিত দেখা যাব অসম কন্যা, বক্সাৰ লাভলীনা বৰগোহাঁইক

বলীউড মেগাষ্টাৰ তথা প্ৰখ্যাত অভিনেতা অমিতাভ বচ্চনে হোষ্ট কৰা জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘কৌন বনেগা ক্ৰোড়পতি’ত দেখা যাব অসম কন্যা, বক্সাৰ তথা অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁইক। শেহতীয়াকৈ অমিতাওভ বচ্চনে হোষ্ট কৰা জনপ্ৰিয় টেলিভিছন কুইজ শ্ব’ ‘কৌন বনেগা ক্ৰোড়পতি’ৰ ‘হটছিট’ত বহে শেহতীয়া গ্লাছগো কমনৱেলথ গেমছত বক্সিঙত ৰূপৰ পদক অৰ্জন কৰা লাভলীনাই (Lovlina Borgohain KBC)

লাভলীনাৰ লগতে অস্মিতা দে’, ঝাণ্ডু কুমাৰ আৰু শৰ্মিলা ধনকৰেও এই জনপ্ৰিয় অনুষ্ঠানটোত অমিতাভ বচ্চনৰ সৈতে অংশগ্ৰহণ কৰে (Lovlina Borgohain news) ।

KBC-ৰ এই খণ্ডটোত ক্ৰীড়া ক্ষেত্ৰত ভাৰতৰ নাম উজলাই তোলা খেলুৱৈসকলে নিজৰ অনুপ্ৰেৰণাদায়ক যাত্ৰাৰ কথা প্ৰকাশ কৰাৰ লগতে ক্ৰীড়া জীৱনৰ বিভিন্ন স্মৰ্ণীয় মুহূৰ্তসমূহ শ্বেয়াৰ কৰে ।

বক্সিঙৰ জৰিয়তে ক্ৰীড়া বিশ্বত নিজৰ অনন্য পৰিচয় গঢ়ি তোলা অসম কন্যা লাভলীনা বৰগোহাঁয়ে এই শ্ব’লৈ আমন্ত্ৰণ লাভ কৰি আনন্দ প্ৰকাশ কৰে। তেওঁ কয়-“অলিম্পিকৰ বক্সিং ৰিঙত নামি অনুভৱ কৰা উত্তেজনা আৰু চাপক পৃথিৱীৰ আন কোনো কথাই অতিক্ৰম কৰিব নোৱাৰে । কিন্ত KBC-ৰ হটছিটত অমিতাভ বচ্চন ছাৰৰ সন্মুখত বহাৰ পিছত নোৰ সেই দাৰণা সলনি হ’ল। তেওঁৰ সন্মুখত বহি থকা অৱস্থাত মানসিক তীক্ষ্ণতাৰ এক সম্পূৰ্ণ বেলেগ পৰীক্ষা হয়। সতীৰ্থসকলৰ সৈতে KBC-ত স্বীকৃতি আৰু সন্মান লাভ কৰাটো সদায়ে মনত ৰাখিম (Assam athlete Lovlina Borgohain)।“

এই অনুষ্ঠানতে লাভলীনাই অমিতাভ বচ্চনক অসমৰ স্বাভিমান এশিঙীয়া গঁড় আৰু ফুলাম গামোচা উপহাৰ হিচাপে প্ৰদান কৰে।

সমান্তৰালকৈ অস্মিতা দে’, ঝাণ্ডু কুমাৰ আৰু শৰ্মিলা ধনকৰেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই আনন্দিত বুলি অনুভৱ প্ৰকাশ কৰে।

উল্লেখ্য যে, গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত লাভলীনা বৰগোহাঁয়ে বক্সিঙৰ ৭৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰে। অস্মিতা দে’ই জুডোত ভাৰতৰ হৈ প্ৰথমটো সোণৰ পদক অৰ্জন কৰি ইতিহাস ৰচে। ঝাণ্ডু কুমাৰে পুৰুষৰ হেভীৱেইট পেৰা পাৱাৰলিফ্টিঙত ভাৰতৰ হৈ গ্লাছগো কমনৱেলথ গেমছ ২০২৬ত প্ৰথমটো পদক অৰ্জন কৰে।

লগতে পঢ়ক : স্বাধীনতা দিৱসত দেৱদত্ত পাডিক্কাল স্পেচিয়েল!

Source link



Source link

Leave A Reply

Your email address will not be published.