পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। যোগীঘোপাত কুখ্যাত ডকাইত বৰাত আলীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
যোগীঘোপাত অসম আৰক্ষীৰ এনকাউণ্টাৰ। কুখ্যাত ডকাইত বৰাত আলীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা। সো-ভৰিত গুলী লাগি আহত হয় ডকাইতটো। কৃষ্ণাইৰ পৰা যোগীঘোপা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ডকাইতটোক। কিন্তু যোগীঘোপা থানালৈ আনি থকা সময়তে পলায়নৰ চেষ্টা কৰিছিল ডকাইতটোৱে। এগৰাকী আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল ডকাইত বৰাত আলীৰ। পলায়নৰ সময়তে আৰক্ষীয়ে কৰে গুলীচালনা। গুলীবিদ্ধ ডকাইত বৰাত আলী সম্প্ৰতি বঙাইগাঁও মেডিকেল কলেজত চিকিৎসাধীন। আক্ৰমণত এগৰাকী আৰক্ষী কনিষ্টবলগৰাকীও আহত হয়।
১৯ আগষ্টত যোগীঘোপাত হোৱা ডকাইতি কাণ্ডত জড়িত আছিল ডকাইতটো। আৰক্ষীয়ে ডকাইতটোৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰিছিল। মেঘালয়ৰ নংষ্ট’ইনৰ পৰা পুৰণি গাড়ী কিনিবলৈ আহিছিল ৬জন খাচী লোক।সেই খাচী লোককেইজনক মাৰধৰ কৰি লুটি নিছিল ৫ লক্ষাধিক টকা।
লগতে পঢ়ক: জনশূণ্য মেঘালয়ৰ পৰ্যটনস্থলী, বন্ধ কৰি দিয়া হ’ল ইন্ধন পৰিবাহী ট্ৰাক
