Voice of Eastern India

অসম-মেঘালয়ৰ বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া


শ্বিলঙৰ ঘটনা আৰু যোৰাবাটৰ প্ৰতিবাদক লৈ অসম-মেঘালয়ৰ মাজত অনুষ্ঠিত হোৱা উচ্চ পৰ্যায়ৰ বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে

অসম-মেঘালয়ৰ উচ্চস্তৰীয় বৈঠক আৰু যোৰাবাটৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত হোৱাৰ পিছতেই প্ৰথমটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, গুৱাহাটীত অসম আৰু মেঘালয়ৰ প্ৰতিনিধিৰ মাজত হোৱা সিদ্ধান্তই শ্বিলঙত সংঘটিত ঘটনাৰ পিছত স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাত সহায় কৰিব (Shillong violent incident)।

সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰে যে, অসমৰ হৈ মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত বিষয়টোৰ এক সৌহাদ্যপূৰ্ণ সমাধানৰ দিশত আলোচনা কৰা হয়। এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আলোচনাৰ ফলাফলক ইতিবাচক বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে এই আলোচনাৰ ফলাফলক আন্তৰিকতাৰে্ আদৰণি জনোৱা বুলিও উল্লেখ কৰে তেওঁ (Assam Meghalaya tension)

মুখ্যমন্ত্ৰীগৰাকীয়ে শ্বিলঙৰ ঘটনাৰ তদন্তৰ বাবে এছ আই টি গঠন কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা লোকসকলক গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্তকো আদৰণি জনায় (Shillong incident)

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ মতে, অসমৰ লোক আৰু যান-বাহনৰ নিৰাপদ তথা বাধাহীন চলাচল নিশ্চিত কৰাৰ ক্ষেত্ৰতো মেঘালয় চৰকাৰে দৃঢ় আশ্বাস প্ৰদান কৰা বুলি উল্লেখ কৰে।

সীমাৰ লগতে অসম আৰু মেঘালয়ে গভীৰ ঐতিহাসিক সম্পৰ্ক ভাগ-বটোৱাৰা কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ সুৰক্ষা, মৰ্যাদা আৰু কল্যাণ সৰ্বোচ্চ অগ্ৰাধিকাৰ বুলি কয়। লগতে আজি বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত আৰু প্ৰতিশ্ৰুতিসমূহে অতি শীঘ্ৰে স্বাভিৱিক পৰিস্থিতি ঘূৰাই অনাত সহায় কৰিব উল্লেখ কৰে তেওঁ।  

লগতে পঢ়ক: অসম-মেঘালয় সংঘাতঃ উচ্চস্তৰীয় বৈঠকৰ অন্তত ডাঙৰ ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.