যোৰাবাটত ক্ৰমে স্বাভাৱিক হৈছে পৰিস্থিতি। সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰাখিছে অসম চালক সন্থাই।
অৱশেষত যোৰাবাটলৈ ঘূৰি আহিল স্বাভাৱিক পৰিস্থিতি। বিগত তিনি দিন ধৰি চলি থকা প্ৰতিবাদৰ সাময়িকভাৱে স্থগিত ৰখাৰ ঘোষণা অসমৰ চালক সন্থাৰ । দুই ৰাজ্যৰ উত্তপ্ত পৰিস্থিক লৈ শনিবাৰে কইনাধৰাত মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰৰ মাজত অনুষ্ঠিত বৈঠকৰ পিছতে যোৰাবাটৰ প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখা হয় (Jorabat Shillong Road)।
প্ৰতিবাদ সাময়িকভাৱে স্থগিত ৰখাৰ পিছতেই এতিয়া মুকলি হৈ পৰিছে যোৰাবাট হৈ শ্বিলঙলৈ যোৱাৰ পথ। ইফালে দেওবাৰে প্ৰতিবাদী চালকসকলৰ সৈতে ৰাজ্য চৰকাৰৰ এখন বৈঠক অনুষ্ঠিত হব বুলিও জনাইছে আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তই (Assam Meghalaya Tension) ।
উল্লেখ্য যে, মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত বিগত ১৯ আগষ্টত প্ৰতিবাদৰ নামত একাংশ দুৰ্বৃত্তই অসমৰ পৰ্যটক আৰু পৰ্যটকৰ বাহনসমূহক লক্ষ্য কৰি আক্ৰমণ সংঘটিত কৰিছিল। এই আক্ৰমণত কেইবাখনো বাহন বাহনৰ ব্যাপক ক্ষতিসাধন হোৱাৰ লগতে কেইবাজনো পৰ্যটক আহত হৈছিল (Jorabat Protest)।
ইয়াৰ পিছতে ক্ষুদ্ধ হৈ পৰা অসমৰ চালক সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে যোৰাবাটৰ পৰা শ্বিলঙলৈ যোৱা সকলো বাহন আৱদ্ধ কৰি ৰাখে। আনহাতে জৰুৰীকালীন বাহনক বাদ দি শ্বিলঙৰ পৰা অসম অভিমুখী সকলো বাহনো আৱদ্ধ কৰি ৰাখে।
এই প্ৰতিবাদৰ ফলত শ্বিলঙৰ বিভিন্ন স্থানত অসমৰ বহু সংখ্যক পৰ্যটক আৱদ্ধ হা পৰাৰ লগতে শ্বিলং অভিমুখী বহু যাত্ৰীও আৱদ্ধ হৈ পৰে।
ইয়াৰ পিছতে শনিবাৰে কইনাধৰাত দুয়ো ৰাজ্যৰ উত্তপ্ত পৰিস্থিতিক লৈ অসম চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী এছ ধৰৰ মাজত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত মেঘালয় চৰকাৰে এই ঘটনাত ক্ষতিগ্ৰস্ত সকলো বাহনৰ ক্ষতিপূৰণ দিব বুলি আশ্বাস দিয়াৰ লগতে আহত সকলো লোকৰ সম্পূৰ্ণ চিকিৎসা বহন কৰিব বুলিও আশ্বাস দিয়ে। লগতে এনে ঘটনাৰ পুনৰাবৃত্তি নঘটিবৰ বাবে সৰ্বতোপ্ৰকাৰৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে মেঘালয় চৰকাৰে।
ইফালে এই বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যোৰাবাটৰ প্ৰতিবাদকাৰীসকলৰ কাষত উপস্থিত হয় মন্ত্ৰী অতুল বৰা। ইয়াৰ পিছতে সাময়িকভাৱে প্ৰতিবাদ স্থগিত ৰাখে অসমৰ চালক সন্থাই।
লগতে পঢ়ক: যোৰাবাটৰ প্ৰতিবাদস্থলীত মন্ত্ৰী অতুল বৰা
