চাৰিলেনযুক্ত হ’ব দিল্লী-গুৱাহাটী ৰে’লপথ। ১১ হাজাৰ কিঃমিঃ হ’ব এই চাৰিলেনযুক্ত ৰে’লপথ। ব্যস্ততাপূৰ্ণ ৰে’লপথক চাৰিলেনযুক্ত কৰাৰ সিদ্ধান্ত
অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী আৰু দিল্লীৰ মাজত ৰে’লপথছোৱা চাৰিলেনযুক্ত লৈ সম্প্ৰসাৰণ কৰা হ’ব।১১ হাজাৰ কিঃমিঃ হ’ব এই চাৰিলেনযুক্ত ৰে’লপথ। এই পদক্ষেপে অঞ্চলটোৰ যাত্ৰীবাহী আৰু সামগ্ৰী পৰিবহণ ব্যৱস্থাৰ উন্নতি সাধিব বুলি আশা কৰা হৈছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে জনায় যে দেশজুৰি সাতটা ৰে’লপথ চাৰিটা ট্ৰেক সম্বলিত ক’ৰিডৰলৈ ৰূপান্তৰ কৰাৰ কাম ইতিমধ্যে দ্ৰুতগতিত আগবাঢ়িছে। ইয়াৰ উপৰি শৰাইঘাটত ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল সেতুৰ নিৰ্মাণ কাৰ্য্যও অতি সোনকালে আৰম্ভ হ’ব বুলি তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্ৰীগৰাকীৰ মতে, ৰে’ল নেটৱৰ্কৰ সম্প্ৰসাৰণে এই পথছোৱাত যাত্ৰীবাহী আৰু সামগ্ৰী সৰবৰাহকাৰী ৰে’লৰ সংখ্যা বৃদ্ধি কৰাত সহায় কৰিব।
প্ৰয়োজনীয় কিছু আনুষ্ঠানিকতা সম্পন্ন হোৱাৰ পাছত ৰে’ল সেৱা বৃদ্ধি পাব বুলিও তেওঁ মন্তব্য কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে এই উন্নয়নক অসমৰ ৰেল যোগাযোগ ব্যৱস্থাৰ বাবে তাৎপৰ্যপূৰ্ণ বুলি অভিহিত কৰে, বিশেষকৈ যেতিয়া ৰাজ্যখনে ৰাষ্ট্ৰীয় ৰাজধানী তথা দেশৰ অন্যান্য প্ৰান্তৰ সৈতে অধিক দৃঢ় যোগাযোগ স্থাপনৰ চেষ্টা চলাই আছে। ইতিমধ্যে সমগ্ৰ দেশত ৭টা ৰে’লৱে ট্ৰেক দ্ৰুতগতিত চাৰিলেনযুক্ত কৰাৰ কাম চলি আছে ।
লগতে পঢ়ক: ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত নাপাব অ’লা, উবেৰ, ৰেপিড’ৰ সুবিধা!
