Voice of Eastern India

ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্যৰ চোৰাং বজাৰ নিয়ন্ত্ৰণ কৰিবলৈ অসম আৰক্ষী তৎপৰ


ABKK Kamarupa, গুৱাহাটী, ২৬ চেপ্তেম্বৰ ২০২৬: মাদক দ্ৰব্য মুক্ত অসম গঢ়াৰ লক্ষ্যত অসম চৰকাৰ আৰু অসম পুলিচৰ এই পদক্ষেপে আমাৰ সমাজখনক এক নতুন দিশ প্ৰদৰ্শন কৰিছে।

শেহতীয়াকৈ পুলিচ সদৰ দপ্তৰত অনুষ্ঠিত উচ্চপর্যায়ৰ বৈঠকখনত চিআইডি, এছবি, এছটিএফ আৰু ৰাজ্যৰ সকলো জিলাৰ এছপি-সকলৰ উপস্থিতিত মাদকবিৰোধী অভিযান অধিক জোৰদাৰ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি অসম আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙে মত প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি কেৱল নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰাই নহয়, বৰং সমগ্ৰ নাৰ্কো-নেটৱৰ্ক আৰু সৰবৰাহকাৰী চক্ৰৰ শিপা ফালি পেলোৱাৰ বাবে চোৰাংচোৱা তথ্য তথা আন্তঃসংস্থাৰ সমন্বয়ৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।

যিহেতু আমাৰ যুৱ প্ৰজন্মক বচাবলৈ এই যুঁজখন অতি প্ৰয়োজনীয়, সেয়েহে অসম চৰকাৰৰ এই বলিষ্ঠ নেতৃত্ব আৰু অসম পুলিচৰ প্ৰতিটো পদক্ষেপক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আহক, আমি সকলোৱে মিলি এখন সুস্থ, সবল আৰু নিচামুক্ত অসম গঢ়ি তোলো আহক বুলি ৰাইজৰ প্ৰতি আহ্বান জনাইছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমীত সিঙে।

 



Source link

Leave A Reply

Your email address will not be published.