Voice of Eastern India

Gauhati University Student Death: আছিক আলী কাণ্ডক লৈ ৰাজপথ অৱৰোধ শ শ লোকৰ


Gauhati University Student Death: দোষীক কঠোৰ শাস্তিৰ দাবীত গুৱাহাটীৰ আজাৰাৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ-১৭ অৱৰোধ কৰি বৃহৎ সংখ্যক স্থানীয় বাসিন্দাই প্ৰতিবাদ সাব্যস্ত কৰে

গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ শনিবাৰে উত্তপ্ত হৈ পৰে আজাৰা। এই ঘটনাৰ দোষীক কঠোৰ শাস্তিৰ দাবীত গুৱাহাটীৰ আজাৰাৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথ-১৭ অৱৰোধ কৰি বৃহৎ সংখ্যক স্থানীয় বাসিন্দাই প্ৰতিবাদ সাব্যস্ত কৰে (Gauhati University Student Death)।

আজাৰা পি এইচ চিৰ সমীপত ২২ বছৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰতিবাদত এই পথ অৱৰোধ কৰা হয়। এই প্ৰতিবাদৰ ফলত গুৱাহাটীৰ সৈতে গুৱাহাটী বিমানবন্দৰ সংযোগ কৰা গুৰুত্বপূৰ্ণ পথটোত যান-বাহন চলাচল ব্যাহত হয় (Nimisha Thakuria Murder Case)।

মৃত্যুৰ ঘটনাটোৰ সন্দৰ্ভত অনুষ্ঠিত দণ্ডাধীশৰ প্ৰাথমিক তদন্তত ছাত্ৰীগৰাকীৰ মুখ, মূৰ, হাত আৰু স্পৰ্শকাতৰ অংগত আঘাতৰ চিন পোৱা গৈছিল বুলি জানিব পৰা গৈছে। স্থানীয় বাসিন্দাসকলে পথ অৱৰোধ কৰি প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে আৰক্ষী আৰু জিলা প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীত উপস্থিত হয়।

মৃত ছাত্ৰীগৰাকীক নিমিষা ঠাকুৰীয়া বুলি চিনাক্ত কৰা হৈছে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচ বছৰীয়া ইণ্টিগ্ৰেটেড পাঠ্যক্ৰমৰ ছাত্ৰী আছিল (Guwahati Homestay Death)।

লগতে পঢ়ক: Gauhati University student death: নিমিষা ঠাকুৰীয়া কাণ্ডঃ প্ৰেমিক আছিক আলীক গ্ৰেপ্তাৰ

আৰক্ষীৰ মতে, পুৱা প্ৰায় ৪.৩০ বজাত গড়ল পি এইচ চিৰ সমীপত নিমিষাক অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তেওঁক উদ্ধাৰ কৰা তিনিজন লোকে ছাত্ৰীগৰাকীক চিকিৎসালয়খনলৈ লৈ যায়। পিছত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ স্থানান্তৰ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আছিক আলীক আটক কৰি সোধা-পোছা চলাই আছে। প্ৰকাশিত বাতৰি অনুসৰি আছিক আলী নিমিষাৰ প্ৰেমিক আছিল বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক: Guwahati homestay death: হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ

Source link



Source link

Leave A Reply

Your email address will not be published.