Lovlina Borgohain Gold Medal: “অসমৰ গোল্ডেন গাৰ্ল”: স্বৰ্ণ জয়ৰ পিছত লাভলীনাক মুখ্যমন্ত্ৰীৰ শুভেচ্ছা
Lovlina Borgohain Gold Medal: লাভলীনাৰ ঐতিহাসিক স্বৰ্ণ জয়ত উৎফুল্লিত অসম, ফোনযোগে শুভেচ্ছা মুখ্যমন্ত্ৰীৰ
এছিয়ান গেমছত সোণৰ পদক জয় কৰা বক্সাৰ লাভলীনা বৰগোহাঁইক ফোনযোগে শুভেচ্ছা জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে লাভলীনাক তেওঁৰ এই ঐতিহাসিক সফলতাৰ বাবে অভিনন্দন জনায় (Lovlina Borgohain Gold Medal)।
মুখ্যমন্ত্ৰীয়ে কয় যে জয়ৰ পিছত লাভলীনা অত্যন্ত আনন্দিত। তেওঁৰ এই সফলতাত সমগ্ৰ অসমবাসীও উৎফুল্লিত। গুৱাহাটীলৈ উভতি অহাৰ পিছতেই তেওঁ লাভলীনাক সাক্ষাৎ কৰিব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। এই জয়ৰ পিছতে মুখ্যমন্ত্ৰীয়ে তেওঁক অসমৰ ‘গ’ল্ডেন গাৰ্ল’ বুলিও অভিহিত কৰে (Boxer Lovlina Gold Medal)।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X-ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই লিখে যে লাভলীনাৰ জন্মদিন আৰু এছিয়ান গেমছত সোণৰ পদক জয়ৰ বাবে অসমৰ ৰাইজৰ হৈ তেওঁ শুভেচ্ছা জনাইছে। জয়ৰ আনন্দ লাভলীনাক কিছু সময় উপভোগ কৰিবলৈ দি গুৱাহাটীত উভতি অহাৰ পিছত সাক্ষাৎ কৰিব বুলিও উল্লেখ কৰে তেওঁ।
উল্লেখ্য যে, লাভলীনাই জাপানৰ আইচি-নাগোয়া এছিয়ান গেমছত মহিলাৰ ৭৫ কেজি শাখাৰ ফাইনেলত চীনৰ জিইই বাওক ৫-০ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক জয় কৰে।
নিজৰ ২৯ সংখ্যক জন্মদিনতে এই বৃহৎ সফলতা লাভ কৰে লভলীনাই। মুখ্যমন্ত্ৰীয়ে কয়, জন্মদিনত দেশৰ বাবে এনে সন্মান কঢ়িয়াই অনাতকৈ ডাঙৰ উপহাৰ আৰু একো হ’ব নোৱাৰে। তেওঁ লগতে কয়, ‘অসমে তোমাৰ উভতি অহালৈ অপেক্ষা কৰিছে।’
ইয়াৰ পূৰ্বে ছেমিফাইনেলত কাজাখস্তানৰ নাটালিয়া বগডানোভাক ৩-২ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল লাভলীনাই। ইয়াৰ লগে লগে একেৰাহে দুটা এছিয়ান গেমছৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা বক্সাৰ হিচাপে পৰিগণিত হয় তেওঁ।
ইয়াৰ পূৰ্বে হাংঝৌ এছিয়ান গেমছত একেটা ৭৫ কেজি শাখাতে ৰূপৰ পদক লাভ কৰিছিল লভলীনাই।
লগতে পঢ়ক: Lovlina Borgohain Asian Games: জন্মদিনৰ দিনটোতে এছিয়ান গেমছত স্বৰ্ণ জয় লাভলীনা বৰগোহাঁইৰ

