Jorabat Landslide: যোৰাবাটত ভয়ংকৰ ভূমিস্খলন। মাটি-শিলৰ তলত পোত গ’ল পেট্ৰ’ল পাম্প।
শুকুৰবাৰে পুৱতি নিশা গুৱাহাটীৰ উপকণ্ঠৰ যোৰাবাটত সংঘটিত হয় এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনত ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি, মেঘালয় (USTM)ৰ সমীপৰ এটা পেট্ৰ’ল পাম্প আৰু দুখন বাহন ক্ষতিগ্ৰস্ত হয়। ক্ষতিগ্ৰস্ত বাহন দুখনৰ এখন বাছ বুলি জানিব পৰা গৈছে (Jorabat Landslide)।
পুৱা প্ৰায় ৩ বজাত ১০ মাইল অঞ্চলৰ সমীপত এই ঘটনা সংঘটিত হয়। পেট্ৰ’ল পাম্পটোৰ পিছফালে থকা পাহাৰৰ এচোৱা হঠাৎ খহি পৰে। ইয়াৰ ফলত পাহাৰৰ মাটি আৰু শিল-বালিয়ে পেট্ৰ’ল পাম্পটোৰ এটা অংশ পুতি পেলায়। পাম্পটোৰ এটা অংশ ধ্বংসাৱশেষৰ তলত পোত যায়। অৱশ্যে এই ঘটনাত কোনো লোক আহত বা মৃত্যু হোৱাৰ খবৰ পোৱা হোৱা নাই।
এই ভূমিস্খলনৰ ঘটনাক লৈ অঞ্চলটোত আতংকৰ সৃষ্টি হয়। স্থানীয় লোকৰ মতে, প্ৰথমবাৰৰ ভূমিস্খলনৰ পাছতো পাহাৰৰ পৰা মাটি আৰু ধ্বংসাৱশেষ তললৈ খহি আহি থাকে।
স্থানীয় বাসিন্দাসকলে অভিযোগ কৰা মতে, নিৰ্মাণকাৰ্যৰ বাবে পাহাৰত ব্যাপক হাৰত মাটি কটাৰ ফলত পাহাৰৰ ঢাল দুৰ্বল হৈ পৰিছে। ইয়াৰ ফলতে ভূমিস্খলন সংঘটিত হ’ব পাৰে বুলি তেওঁলোকে আশংকা কৰিছে।
লগতে পেট্ৰ’ল পাম্পটো আৰু ইয়াৰ আশে-পাশে বসবাস কৰা লোকসকলৰ সুৰক্ষাক লৈও স্থানীয় বাসিন্দাসকলে উদ্বেগ প্ৰকাশ কৰে।
লগতে পঢ়ক: ভূমিস্খলনত একে পৰিয়ালৰে তিনিগৰাকীৰ সৈতে কৰুণ ঘটনা
