Voice of Eastern India

অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ প্ৰাৰ্থী হ’ব ডাঃ হাব্বে টেৰণঃ মুখ্যমন্ত্ৰীৰ ঘোষণা


অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে শাসকীয় পক্ষৰ প্ৰাৰ্থী ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে শাসকীয় পক্ষৰ প্ৰাৰ্থী ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । আমৰি (অনুসূচিত জনজাতি) পাৰ্বত্য সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক ডাঃ হাব্বে টেৰণ হ’ব এই গুৰুত্বপূৰ্ণ পদটোৰ বাবে প্ৰাৰ্থী । আজি সামাজিক মাধ্যম ‘এক্স’ত (পূৰ্বৰ টুইটাৰ) এটা পোষ্টৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে ।

অন্তৰ্ভুক্তিমূলক ৰাজনৈতিক প্ৰতিনিধিত্বৰ প্ৰয়াস

মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে যে ডাঃ টেৰণৰ প্ৰাৰ্থিত্বই ৰাজ্য চৰকাৰৰ অন্তৰ্ভুক্তিমূলক ৰাজনৈতিক প্ৰতিনিধিত্বৰ নীতিকে প্ৰতিফলিত কৰিছে । বিশেষকৈ অসমৰ আইনী তথা সংসদীয় প্ৰক্ৰিয়াত জনজাতীয় সম্প্ৰদায়সমূহৰ অংশগ্ৰহণ অধিক সুদৃঢ় কৰাৰ উদ্দেশ্যেই এই সিদ্ধান্ত লোৱা হৈছে ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লিখিছে- “মই ঘোষণা কৰি নথৈ আনন্দিত হৈছোঁ যে আমৰি (ST) পাৰ্বত্য সমষ্টিৰ মাননীয় বিধায়ক ড° হাব্বে টেৰণ অসম বিধানসভাৰ উপাধ্যক্ষ পদৰ বাবে আমাৰ প্ৰাৰ্থী হ’ব । তেওঁ জনজাতীয় সম্প্ৰদায়সমূহৰ আশা-আকাংক্ষাক প্ৰতিনিধিত্ব কৰে আৰু তেওঁৰ এই নিযুক্তিৰ ফলত বিধানসভাত তেওঁলোকৰ কণ্ঠ অধিক শক্তিশালী হ’ব ।”  

পাৰ্বত্য জিলাৰ বাবে ঐতিহাসিক পদক্ষেপ

পেচাত এগৰাকী চিকিৎসক ডাঃ হাব্বে টেৰণ হৈছে নতুনকৈ গঠন হোৱা আমৰি সমষ্টিৰ প্ৰথমজন নিৰ্বাচিত প্ৰতিনিধি । মুখ্যমন্ত্ৰীগৰাকীৰ মতে, ডাঃ টেৰণৰ এই পদোন্নতিয়ে বিধানসভাত কাৰ্বি আংলং আৰু ডিমা হাচাও পাৰ্বত্য জিলাদ্বয়ৰ প্ৰতিনিধিত্বক এক নতুন মাত্ৰা প্ৰদান কৰিব ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ডাঃ হাব্বে টেৰণক তেওঁৰ এই নতুন আৰু প্ৰস্তাৱিত দায়িত্বৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : স্কুল বেগৰ ওজনক লৈ মহানগৰীৰ বিদ্যালয়লৈ শিক্ষা বিভাগৰ নিৰ্দেশনা

Source link



Source link

Leave A Reply

Your email address will not be published.