
জোনাই, ধেমাজি,৬ জুলাই:
অহা ৯ ৰ পৰা ১২ জুলাই, ২০২৬ তাৰিখে অনুষ্ঠিত হ’ব লগা TMPK ৰ ১৭তম কেন্দ্ৰীয় সাধাৰণ অধিৱেশনৰ উপলক্ষে ১০ জুলাই তাৰিখৰ দিনা পুৰণা জেলাম এল.পি. স্কুল খেলপথাৰৰ পৰা মুৰকং চেলেক মিচিং কৃষ্টি ভৱনলৈ এখনি Half Marathon অনুষ্ঠিত কৰা হ’ব। এই Half Marathon কেৱল এখন ক্ৰীড়া প্ৰতিযোগিতা নহয়, বৰং এখন সুস্থ, সচেতন আৰু দায়িত্বশীল সমাজ গঢ়াৰ সামাজিক অভিযান হিচাপে চিহ্নিত বুলি মত প্ৰকাশ কৰিছে টিএমপিকেৰ সভাপতি তিলক দলেয়ে।
প্ৰণিধানযোগ্য যে, “Save Poba”, “Say No to Drugs”, “Stop Child Marriage” আদি জনসচেতনতামূলক বাৰ্তাক সন্মুখত ৰাখি সমাজলৈ ইতিবাচক পৰিৱৰ্তনৰ আহ্বান জনোৱাৰ উদ্দেশ্যে এই অনুষ্ঠান আয়োজন কৰা হৈছে। আহক, আমি সকলোৱে একেলগে দৌৰি সুস্থ জীৱন, সুস্থ সমাজ আৰু উজ্জ্বল ভৱিষ্যতৰ পক্ষত নিজৰ কণ্ঠ উত্থাপন কৰোঁ। সকলো নৱ যুৱক-যুৱতী, ক্ৰীড়াপ্ৰেমী আৰু সচেতন নাগৰিকক উৎসাহেৰে অংশগ্ৰহণ কৰি এই মহৎ প্ৰচেষ্টাক সফল কৰি তুলিবলৈ আন্তৰিক আহ্বান জনাইছে তাকাম মিচিং পৰিণ কেবাং (সদৌ মিচিং ছাত্ৰ সন্থা) টিএমপিকেৰ সাধাৰণ সম্পাদক চান দঞি পাংগিঙে।
