Voice of Eastern India

অসম ৰাজ্যিক বাজেটক আদৰণি অগপ’ৰ


AGP on Assam Budget 2026

২০২৬-২৭ বৰ্ষৰ অসম বাজেটক অগপৰ আদৰণি

এখন সামগ্ৰিক উন্নয়নৰ চানেকি থকা আৰু সুদূৰপ্ৰসাৰী বাজেট আখ্যা অগপৰ

গুৱাহাটী, ১০ জুলাইঃ ভৱিষ্যৎমুখী দৃষ্টিভংগীৰে প্ৰস্তুত কৰা ২০২৬-২৭ বৰ্ষৰ অসম বাজেটক অসম গণ পৰিষদে আন্তৰিকভাৱে আদৰণি জনাইছে।

আজি অসম বিধানসভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দাখিল কৰা বাজেটখনে ৰাজ্যৰ সামগ্ৰিক উন্নয়ন, নিবনুৱা সমস্যা হ্ৰাস, আন্তঃগাঁথনি শক্তিশালীকৰণ, স্বাস্থ্য, শিক্ষা আৰু সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলি অভিহিত কৰিছে অসম গণ পৰিষদে৷। বিশেষকৈ দুই লাখ চৰকাৰী চাকৰি প্ৰদানৰ লক্ষ্য, গুৱাহাটী বিমানবন্দৰক অধিক সক্ষম আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা, লগতে অৰুণোদয়, নিযুত মইনা আদি জনকল্যাণমূলক আঁচনিসমূহ অব্যাহত ৰখাৰ সিদ্ধান্তই ৰাজ্যৰ সৰ্বস্তৰৰ জনসাধাৰণক উপকৃত কৰিব বুলি বিশ্বাস কৰে অগপই৷

অসমৰ অৰ্থনীতি টনকিয়াল হোৱাৰ ইংগিত দি ২০২৬-২৭ বৰ্ষৰ বাজেটত সৰ্বমুঠ প্ৰাক্-কলিত ব্যয়ৰ পৰিমাণ বৃদ্ধি পাইছে ২৮৫০৮৪.৪৫ কোটি টকালৈ। একেদৰে বাজেটখনত বিত্তীয় ঘাটি ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশতে সীমাবদ্ধ ৰাখিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰাটো শক্তিশালী অৰ্থনীতিৰ এক অন্যতম দিশ হিচাপে চিহ্নিত হৈছে।

অসম গণ পৰিষদে বিশ্বাস কৰে যে– এই বাজেটে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত এনডিএ মিত্ৰজোঁট চৰকাৰৰ উন্নয়নমুখী দৃষ্টিভংগীক অধিক শক্তিশালী কৰিব আৰু আত্মনিৰ্ভৰ, সমৃদ্ধ আৰু বিকশিত অসম গঢ়াৰ পথ অধিক সুগম কৰি তুলিব।

অসম গণ পৰিষদে এই উন্নয়নমুখী বাজেটৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তথা অসম চৰকাৰক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে।

অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই এই বাজেটখনক সন্মান জনাই কয় যে—গ্ৰামোন্নয়ন, কৃষি, উদ্যোগ, শিক্ষা, স্বাস্থ্য, আন্তঃগাঁথনি, যুৱশক্তিৰ বিকাশ, মহিলা সবলীকৰণ আৰু সামাজিক সুৰক্ষাকে ধৰি উন্নয়নৰ প্ৰতিটো খণ্ডক এই বাজেটে দৃঢ়ভাৱে সামৰি লৈছে। এই জনকল্যাণমুখী বাজেটে আত্মনিৰ্ভৰ, সমৃদ্ধ আৰু বিকশিত অসমৰ দিশত আমাৰ অগ্ৰগামী যাত্ৰাক অধিক গতিশীল কৰি তুলিব৷

আনহাতে, অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই আজি বিধানসভাত দাখিল কৰা ২০২৬-২৭ বৰ্ষৰ পূৰ্ণাংগ ৰাজ্যিক বাজেটখন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী-গতিশীল নেতৃত্বত অসমক দেশৰ ভিতৰতে এখন অন্যতম শ্ৰেষ্ঠ ৰাজ্য ৰূপে গঢ়ি তুলিবলৈ এনডিএ মিত্ৰজোঁট চৰকাৰে কৰা প্ৰয়াসৰ এক বুনিয়াদ বুলি উল্লেখ কৰে। অসমক স্বনিৰ্ভৰশীল কৰি তোলাৰ বাবে উৎপাদন বৃদ্ধি, নিয়োগৰ পথ মুকলিৰ লগতে গ্ৰামাঞ্চলৰ ক্ষিপ্ৰ বিকাশেৰে গ্ৰাম্য অৰ্থনীতিৰো পৰিকাঠামো গঢ়াৰ ক্ষেত্ৰত বাজেটখনত বিশেষ গুৰুত্ব দিয়া বুলিও মহন্তই লগতে উল্লেখ কৰে।



Source link

Leave A Reply

Your email address will not be published.