টিএমপিকেৰ জোনাই অধিৱেশন ২০২৬
অসম লুতাদ, জোনাই, ১০ জুলাই : যোৱা ৯ জুলাইৰ পৰা ১২ জুলাই ২০২৬ তাৰিখলৈ জোনাইত অনুষ্ঠিত TMPK ৰ ১৭ সংখ্যক সাধাৰণ অধিৱেশনৰ দ্বিতীয় দিনা উপস্থিত MAC ৰ অধ্যক্ষ সুনীল পেগু। কাৰ্যসূচীত লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী বিজু পেগু, কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে,মিচিং সাহিত্য সভা (MAK)ৰ সভাপতি ক্ৰমে হৰিনাৰায়ণ পেগু, সাধাৰণ সম্পাদক সুমেশ্বৰ কপ্তাক, মিচিং দৃৰবৃ কেবাঙৰ সভাপতি অশ্বিনী কুমাৰ দলে, সাধাৰণ সম্পাদক প্ৰশান্ত কুমাৰ বড়ি, মিচিং বা:নে কেবাঙৰ সাধাৰণ সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, মিচিং মিমাগ কেবাংৰ উপ-সভাপতি প্ৰেমধৰ দলে,টাকাম মিচিং মিমে কেবাঙৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাং, সাধাৰণ সম্পাদিকা শৰ্মিলা পেগ, উদীয়মান খেলুৱৈ অলকা দলে আদিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰে।

