Voice of Eastern India

ABKK কামৰূপ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সম্পাদক মিগাং অৰিন্দম প্ৰিন্স পাংগিঙক সাহসী বঁটা


ABKK কামৰূপ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সম্পাদক অৰিন্দম প্ৰিন্স পাংগিঙক সাহসী বঁটা প্ৰদান
অসম লুতাদৰ সম্পাদক মিগাং অৰিন্দম প্ৰিন্স পাংগিঙক শুভেচ্ছা বিভিন্ন দল সংগঠনৰ
পাঞ্জাবাৰী, ৫ জুলাই ২০২৬ : মিচিং অসমীয়া আৰু ইংৰাজী ভাষাত প্ৰকাশিত প্ৰচলিত সংবাদ গোষ্ঠী অসম লুতাদৰ সম্পাদক মিগাং অৰিন্দম প্ৰিন্স পাংগিঙক ৫ জুলাইত সাহসী বঁটাৰে সন্মানিত কৰে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ বাগ্মিবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত। সাংবাদিক অৰিন্দম প্ৰিন্স পাংগিঙে সাংবাদিকতাৰ জগতত সন্মূখীন হোৱা বিভিন্ন ঘাত-প্ৰতিঘাতক নেওচি বৃহত্তৰ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ নিৰৱিচ্ছিন্ন ভাৱে সেৱা আগবঢ়াই থকাৰ সমান্তৰালকৈ মিচিং ভাষা-সাহিত্য-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবেও অহোপুৰুষাৰ্থ কৰি সমাজৰ প্ৰতি থকা দায়বদ্ধতাক সন্মান জনাই সাহসী বঁটাৰে সন্মানিত কৰা হৈছে বুলি সাহসীৰ সভানেত্ৰী তৃষ্ণা নাথে মত পোষণ কৰিছে।
সাহসী বঁটা হিচাপে এখন চেলেং চাদৰ, কাৰ্বি পহ, এখন স্মাৰক, এখন শ্ৰীমদ্ভগৱত কিতাপ, এশিঙীয়া গঁড়ৰ প্ৰতীকী, এখন প্ৰশস্তি পত্ৰ, চাহপাতৰ টোপোলা আৰু সুগন্ধি বটলেৰে সন্মানীত কৰা দেখা গ’ল।
সাংবাদিক অৰিন্দম প্ৰিন্স পাংগিং বৰ্তমান নতুন দিল্লী, চেন্নাই, বেঙ্গালুৰ, পাটনা, কেৰেলাম, কলকাতা আৰু গুৱাহাটীৰ পৰা প্ৰচাৰিত তামিল,তেলেগু,মালায়ালাম, কানাড়া, বেঙ্গলী, হিন্দী, ইংৰাজী, আৰু অসমীয়া বহুভাষিক ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী “এবিকেকে কামৰূপ”ৰ সম্পাদক হিচাপে সেৱা আগবঢ়াই আছে। তদুপৰি কেৰালামৰ পৰা প্ৰচাৰিত টিভি চেনেল “শব্দ দশম”, চেন্নাইৰ পৰা সম্প্ৰচাৰিত ৰেডিঅ’ চেনেল “সপ্তৰং” ইত্যাদিত সংবাদদাতা হিচাপেও সেৱা আগবঢ়াই আহিছে সাংবাদিক অৰিন্দম প্ৰিন্স পাংগিঙে।
যুৱ সমাজকৰ্মী ধৰ্মকান্ত গগৈয়ে আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি মৃণালিনী দেৱীয়ে আৰু সন্মানীয় অতিথি হিচাপে প্ৰথম খবৰ চেনেলৰ মূখ্য সম্পাদক প্ৰণয় বৰদলৈ, ইন্দ্ৰ গগৈ, তপন দাস, মুকুল শইকীয়া, ৰাণা বশিষ্ঠ, অখিল ভাৰতীয় গো-ৰক্ষা মহাসংঘ অসম ৰাজ্যিক সমিতিৰ সভাপতি দীপেন শৰ্মা, এন ই হাইজিন চল্যুচনৰ পৰিচালন সঞ্চালক নৱ কামান ইত্যাদিয়ে উপস্থিত থাকে বুলি উদ্যোক্তা তথা সাহসী সংগঠনৰ অভিনেত্ৰী তৃষ্ণা নাথে সদৰী কৰিছে। সাংবাদিক অৰিন্দম প্ৰিন্স পাংগিঙক সাহসী বঁটা প্ৰদান কৰাত উষ্ম অভিনন্দন জনাইছে শিশু সাহিত্যিক তুলসীৰাম পাংগিং, সুলেখক কৃষ্ণৰাম মিলি, সমাজকৰ্মী কুলেশ্বৰ লাগাচু, সদৌ অসম অৰুণাচল প্ৰদেশ পাংগিং অপৃণৰ সভাপতি কুমচন পাংগিং, কণ্ঠশিল্পী-অভিনেত্ৰী তৰুলতা কুটুম আৰু বহু শুভাকাংক্ষীয়ে।



Source link

Leave A Reply

Your email address will not be published.