Voice of Eastern India

Assam Police: অসম আৰক্ষীৰ কেইবাগৰাকীও বিষয়া-জোৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ পদক


Assam Police: গুৱাহাটী আৰক্ষী আয়ুক্ত পাৰ্থসাৰথি মহন্তসহ অসম আৰক্ষীৰ কেইবাগৰাকীও বিষয়া-জোৱানলৈ বিশেষ সন্মান।

তদন্তৰ ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ তদন্তত উৎকৃষ্টতাৰ পদক লাভৰ বাবে নিৰ্বাচিত হৈছে অসম আৰক্ষীৰ কেইবাগৰাকীও বিষয়া-জোৱান। এই তালিকাত আৰক্ষী আয়ুক্তৰ পৰা কনিষ্টবললৈকে বিভিন্ন পদবীৰ কৰ্মীৰ নাম অন্তৰ্ভুক্ত হৈছে (Assam Police)।

পদকৰ বাবে নিৰ্বাচিত জ্যেষ্ঠ বিষয়াসকলৰ ভিতৰত আছে গুৱাহাটী আৰক্ষী আয়ুক্ত ড০ পাৰ্থসাৰথি মহন্ত, এছ এছ পি প্ৰণৱ কুমাৰ পেগু, অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক আৰু অতিৰিক্ত ডি চি পি অনুৰাগ শৰ্মা।

ইয়াৰ উপৰি অতিৰিক্ত আৰক্ষী অধীক্ষক ৰোজী তালুকদাৰ, কমলেশ সিং, ভাস্কৰ মল্ল পাটোৱাৰী, চন্দনজ্যোতি বৰা, বিক্ৰম বসুমতাৰী, ড০ শংকৰজ্যোতি নাথ আৰু কপিল পাঠকেও এই সন্মান লাভৰ বাবে নিৰ্বাচিত হৈছে (Union Home Minister Police Medal)।

আনহাতে, ৰোহিত দাস, অংখুমি কলিতা, ডেইজী নাথ, জিতুমণি ৰাভা, প্ৰণৱজ্যোতি ভট্টাচাৰ্য, আহমেদ আলী, কমল বড়ো আৰু বাকুল মেধিৰ নামো বঁটাপ্ৰাপকৰ তালিকাত আছে।

তালিকাত ড০ ভি শিৱ প্ৰসাদ গঞ্জালা, কমল চন্দ্ৰ ৰাজবংশী, পৃথ্বীৰাজ ৰাজখোৱা আৰু মোৱাটী বসুমতাৰীৰ নামো উল্লেখ কৰা হৈছে (Assam Police Awardees)।

বিভিন্ন পদবীত কৰ্মৰত এই আৰক্ষী কৰ্মীসকলে তদন্তৰ ক্ষেত্ৰত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ স্বীকৃতিস্বৰূপে এই পদক লাভ কৰিব। আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়াত পেছাদাৰী দক্ষতা, নিষ্ঠা আৰু উৎকৃষ্টতাৰ মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে এই পদক প্ৰদান কৰা হয়।

লগতে পঢ়ক: চৰকাৰৰ সকলো মন্ত্ৰীলৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ নিৰ্দেশ

Source link



Source link

Leave A Reply

Your email address will not be published.