Voice of Eastern India

Assam Political News: ‘দল এৰা নাই, ৰাজনীতিও এৰা নাই’- পদত্যাগৰ খবৰক লৈ মুখ খুলিলে জগদীশ ভূঞাই


Assam Political News: ‘নিজে গঢ়া দল এৰাৰ প্ৰশ্নই নুঠে’- পদত্যাগৰ চৰ্চাৰ মাজতে জগদীশ ভূঞাৰ বাৰ্তা।

অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই দলৰ পৰা পদত্যাগ কৰা বুলি ছ’চিয়েল মিডিয়াত প্ৰচাৰ হোৱা খবৰক মিছা বুলি স্পষ্ট কৰিছে। তেওঁ দলৰ প্ৰাথমিক সদস্যপদো এৰা নাই বুলি জানিবলৈ দিছে (Assam Political News)।

ছ’চিয়েল মিডিয়াত ধাৰাবাহিকভাৱে দিয়া কেইবাটাও পোষ্টত ভূঞাই কয় যে তেওঁ এতিয়াও অজাপৰ সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰি আছে। দল এৰি যোৱাৰ কোনো পৰিকল্পনা তেওঁৰ নাই।

প্ৰথমটো পোষ্টত ভূঞাই অভিযোগ কৰে যে এটা গোটে ইচ্ছাকৃতভাৱে তেওঁৰ পদত্যাগৰ ভুৱা খবৰ প্ৰচাৰ কৰিছে। তেওঁ এই খবৰ সম্পূৰ্ণ মিছা বুলি উল্লেখ কৰে। লগতে কয় যে তেওঁ নিজে গঢ়া দলটো এৰাৰ সিদ্ধান্ত নোলোৱালৈকে ৰাজনীতি এৰাৰ কোনো প্ৰশ্নই নুঠে (AJP Jagadish Bhuyan)।

AJPৰ কৰ্মী আৰু সমৰ্থকসকলক এনে খবৰত বিশ্বাস নকৰিবলৈও তেওঁ আহ্বান জনায়। দলটোৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা এই অপপ্ৰচাৰত ভোল নাযাবলৈ তেওঁ সকলোকে আহ্বান জনায়।

পৰৱৰ্তী এটা পোষ্টত ভূঞাই কয় যে ৰাজনীতি কেতিয়াও তেওঁৰ বাবে পেছা নাছিল। ভৱিষ্যতেও ৰাজনীতিক পেছা হিচাপে লোৱাৰ কোনো ইচ্ছা নাই বুলি তেওঁ স্পষ্ট কৰে।

তেওঁ লগতে কয় যে কেবিনেট মৰ্যাদাৰ পদ এৰি অসমৰ “জাতীয় স্বাভিমান” ৰক্ষাৰ লক্ষ্যৰে AJP গঢ়ি তোলাৰ কামত নামিছিল। সেই দলটোৱেই এতিয়া তেওঁৰ ৰাজনৈতিক পৰিচয় বুলি তেওঁ উল্লেখ কৰে।

ভূঞাই পুনৰ কয় যে তেওঁ বৰ্তমানেও AJPৰ সাধাৰণ সম্পাদক হিচাপে কাম কৰি আছে। ৰাজনীতি এৰাৰ সিদ্ধান্ত ল’লেহে তেওঁ দলটো এৰিব।

AJPক নিজৰ ৰাজনৈতিক জীৱনৰ শেষ পৰিচয় হিচাপেও উল্লেখ কৰে ভূঞাই। একে সময়তে তেওঁ অভিযোগ কৰে যে কিছুদিন ধৰি এটা গোটে দলটোৰ বিৰুদ্ধে কাম কৰি আহিছে।

লগতে পঢ়ক: Himanta Biswa Sarma CJP: CJPৰ দাবী অসমৰ জনসাধাৰণৰ স্বাৰ্থৰ বিৰুদ্ধেঃ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

Source link



Source link

Leave A Reply

Your email address will not be published.