Voice of Eastern India

Assam teacher mobile phone restriction: শিক্ষকসকলৰ বাবে কঠোৰ নিৰ্দেশনা! উলংঘা কৰিলেই গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা


Assam teacher mobile phone restriction: বিদ্যালয়ত শিক্ষকৰ মোবাইল ব্যৱহাৰত কঠোৰ নিষেধাজ্ঞা।

শ্ৰেণীকোঠাত শিক্ষকসকলে মোবাইল ফোন ব্যৱহাৰত আৰোপ কৰা হৈছে কঠোৰ নিষেধাজ্ঞা। বিদ্যালয়সমূহত শ্ৰেণীকোঠাৰ ভিতৰত শিক্ষকৰ ব্যক্তিগত মোবাইল ফোন আৰু টেবলেট ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে শিক্ষা বিভাগে। পাঠদানৰ সময়ত শৈক্ষিক কামৰ বাহিৰে অন্য কোনো উদ্দেশ্যত শিক্ষকসকলে শ্ৰেণীকোঠাত মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব (Assam teacher mobile phone restriction)।

শনিবাৰে নলবাৰী জিলা চক্ৰৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ৰুতুল কুমাৰ দাসে এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰে। জিলাখনৰ সকলো এল পি, ইউ পি আৰু ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ, প্ৰধান শিক্ষক আৰু মুৰব্বী শিক্ষকসকলক নিৰ্দেশনাটো তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰিবলৈ কোৱা হৈছে (Nalbari schools mobile phone ban)।

নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে একাংশ শিক্ষকে পাঠদানৰ বাহিৰে অন্য কামত শ্ৰেণীকোঠাৰ ভিতৰত ব্যক্তিগত মোবাইল ফোন ব্যৱহাৰ কৰি আহিছে। এনে কাৰ্যই শ্ৰেণীকোঠাৰ অনুশাসন আৰু ছাত্ৰ-ছাত্ৰীৰ পঢ়া-শুনাৰ পৰিৱেশত ব্যাঘাত জন্মাব পাৰে বুলি শিক্ষা বিভাগে উদ্বেগ প্ৰকাশ কৰিছে।

অৱশ্যে, কোনো জৰুৰী চৰকাৰী বা শৈক্ষিক কামৰ বাবে শ্ৰেণীকোঠাত মোবাইল ফোন লগত ৰখা বা ব্যৱহাৰ কৰাৰ প্ৰয়োজন হ’লে সংশ্লিষ্ট অধ্যক্ষ, প্ৰধান শিক্ষক বা মুৰব্বী শিক্ষকৰ আগতীয়াকৈ অনুমতি ল’ব লাগিব।

বিদ্যালয়ৰ মুৰব্বীসকলক এই নিৰ্দেশনা সকলো শিক্ষক-কৰ্মচাৰীক জনোৱাৰ লগতে ইয়াৰ কঠোৰ পালন নিশ্চিত কৰিবলৈ দায়িত্ব দিয়া হৈছে। নিৰ্দেশনা উলংঘা কৰিলে বিষয়টো গুৰুত্বসহকাৰে লৈ উপযুক্ত কৰ্তৃপক্ষই প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

শ্ৰেণীকোঠাত শৃংখলা বজাই ৰখা আৰু পাঠদানৰ পৰিৱেশ উন্নত কৰাৰ লক্ষ্যৰে এই নিৰ্দেশনা জাৰি কৰা হৈছে।

লগতে পঢ়ক: Assam HSLC 2027: HSLC পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

Source link



Source link

Leave A Reply

Your email address will not be published.