Voice of Eastern India

Assam wildlife tourism: পৰ্যটকৰ বাবে কোনদিনা মুকলি হ’ব মানস-কাজিৰঙা-পবিতৰা?


Assam wildlife tourism: পৰ্যটকৰ অপেক্ষাৰ অন্ত! ২ অক্টোবৰৰ পৰা মুকলি মানস, ৩ অক্টোবৰত কাজিৰঙা

অসমত আৰম্ভ হ’ব বন্যপ্ৰাণী পৰ্যটনৰ নতুন ছিজন। ২ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান। ৩ অক্টোবৰৰ পৰা মুকলি হ’ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আনহাতে, ১৩ অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ’ব পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য (Assam wildlife tourism)।

পৰিবেশ আৰু বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দেশ-বিদেশৰ পৰ্যটকক অসমলৈ অহাৰ আহ্বান জনাইছে। বন্যপ্ৰাণীপ্ৰেমী, প্ৰকৃতিপ্ৰেমী আৰু ভ্ৰমণপ্ৰেমীক অসমৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আমন্ত্ৰণ জনাইছে মন্ত্ৰীগৰাকীয়ে (Kaziranga tourism season 2026)।

নতুন পৰ্যটন ছিজনৰ বাবে বন বিভাগে প্ৰস্তুতি আৰম্ভ কৰিছে। পৰ্যটকক আদৰিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে কয় যে কাজিৰঙাৰ ঘাঁহনি, জলাশয় আৰু বন্যপ্ৰাণীৰ অনন্য জগতখন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। সংৰক্ষণ আৰু দায়িত্বশীল পৰ্যটনক এইবাৰো গুৰুত্ব দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে (Kaziranga Elephant Safari)।

কাজিৰঙাত ইতিমধ্যে আন্তঃগাঁথনি মেৰামতিৰ কাম চলি আছে। পথ, দলংকে ধৰি বিভিন্ন আন্তঃগাঁথনি মেৰামতি কৰা হৈছে। জীপ ছাফাৰিৰ বাবে ব্যৱহৃত বাহনসমূহৰো পৰীক্ষা-নিৰীক্ষা চলিছে।

২৬ ছেপ্টেম্বৰত কাজিৰঙাৰ ২০২৬ পৰ্যটন ছিজন আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। বাগৰি পশ্চিম ৰেঞ্জত অনুষ্ঠিত হৈছিল মুকলি অনুষ্ঠান। অৱশ্যে এইবাৰ কাজিৰঙাৰ আন কিছু পৰ্যটন স্থান মুকলি কৰাত পলম হৈছে।

উল্লেখযোগ্য যে, ২০২৫-২৬ পৰ্যটন ছিজনত কাজিৰঙালৈ মুঠ ৪,৬৮,১৪৭জন পৰ্যটক আহিছিল। ২০২৪-২৫ ছিজনত এই সংখ্যা আছিল ৪,০৬,৫৬৪জন।

লগতে পঢ়ক: Himanta Biswa Sarma convoy: মুখ্যমন্ত্ৰীৰ কনভয় চলাচলক লৈ কঠোৰ নিৰ্দেশনা

Source link





Source link

Leave A Reply

Your email address will not be published.