Assam Wildlife Week 2026: ন্যপ্ৰাণী সপ্তাহৰ শুভাৰম্ভ, ৩৪০ কোটি টকাৰে বিশ্বমানৰ হ’ব গুৱাহাটী চিৰিয়াখানা
পৰিৱেশ আৰু বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শুকুৰবাৰে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানা তথা উদ্ভিদ উদ্যানত বন্যপ্ৰাণী সপ্তাহ ২০২৬ৰ শুভাৰম্ভ কৰে। এই উপলক্ষে চিৰিয়াখানাত পৰম্পৰাগত ‘হস্তী পূজন’ৰ আয়োজন কৰা হয়। বন্যপ্ৰাণী সংৰক্ষণ আৰু জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য (Assam Wildlife Week 2026)।
অনুষ্ঠানৰ পাছত বন বিভাগৰ কৰ্মচাৰীসকলে বাইক ৰেলী উলিয়ায়। বন্যপ্ৰাণী সপ্তাহৰ অংশ হিচাপে চিৰিয়াখানাৰ এটা জিৰাফৰ নামো আনুষ্ঠানিকভাৱে ৰখা হ’ব।
অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই চিৰিয়াখানাত চলি থকা ৩৪০ কোটি টকাৰ বৃহৎ পুনৰ্নিৰ্মাণৰ কামো পৰিদৰ্শন কৰে। তেওঁ কয় যে চিৰিয়াখানাখনক বিশ্বমানৰ বন্যপ্ৰাণী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে এই কাম চলি আছে (Guwahati Zoo redevelopment)।
পুনৰ্নিৰ্মাণৰ কামৰ অধীনত চিৰিয়াখানাত এটা বৃহৎ এভিয়াৰী নিৰ্মাণ কৰা হৈছে। মন্ত্ৰীগৰাকীৰ মতে, এই এভিয়াৰী বিশ্বৰ অন্যতম বৃহৎ এভিয়াৰী হ’ব। ইয়াৰ উপৰি দৰ্শনাৰ্থীসকলে চিৰিয়াখানাৰ বিভিন্ন অংশ ঘূৰি চাব পৰাকৈ টয় ট্ৰেইনৰ ব্যৱস্থাও কৰা হ’ব।
চিৰিয়াখানাৰ হাস্পতাল, কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু উদ্ধাৰ কেন্দ্ৰও উন্নত মানদণ্ডৰে নিৰ্মাণ কৰা হৈছে। লগতে জীৱ-জন্তুৰ বাবে থকা আবাসসমূহ উন্নীত কৰাৰ লগতে দৰ্শনাৰ্থীৰ সুবিধাসমূহো উন্নত কৰা হৈছে।
আনহাতে মন্ত্ৰীগৰাকীয়ে ৰাজ্যিক চিৰিখানাত জন্ম হোৱা এটি জিৰাফৰ পোৱালিৰ নামাকৰণ কৰে। ১৬ আগষ্টত চিৰিয়াখানাত জন্মলাভ কৰা জিৰাফৰ পোৱালিটিৰ নাম ‘গগণ’ ৰখা হৈছে বুলি জনায় মন্ত্ৰীগৰাকীয়ে।
লগতে পঢ়ক: Jorabat Landslide: যোৰাবাটত ভয়ংকৰ ভূমিস্খলন, পাহাৰৰ প্ৰকাণ্ড অংশ খহি হাহাকাৰ অৱস্থা
