Voice of Eastern India

Bhutan glacial lake outburst: ভূটানৰ হিমস্খলনক লৈ তৎপৰ অসম চৰকাৰ, নিৰীক্ষণত ধুবুৰী-কোকৰাঝাৰ


Bhutan glacial lake outburst: ভূটানৰ বানক লৈ অসমত সতৰ্কতা, নিৰীক্ষণত ধুবুৰী আৰু কোকৰাঝাৰ।

ভূটানত সৃষ্টি হোৱা বানৰ প্ৰভাৱ অসমতো পৰাৰ আশংকা কৰা হৈছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ বানপ্ৰৱণ অঞ্চলসমূহত সতৰ্কতা অৱলম্বন কৰিছে ৰাজ্য চৰকাৰে। যিকোনো জৰুৰী পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ আছে প্ৰশাসন (Bhutan glacial lake outburst)।

শুকুৰবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে ভূটানৰ ছিন্তাফু হ্ৰদত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ বিপদাশংকাপূৰ্ণ অঞ্চলসমূহৰ ওপৰত নিৰন্তৰ নজৰ ৰখা হৈছে। NDRF-ৰ লগতে আন সংশ্লিষ্ট সংস্থাসমূহৰ সৈতেও ৰাজ্য চৰকাৰৰ দলসমূহে যোগাযোগ অব্যাহত ৰাখিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে স্থানীয় বাসিন্দাসকলক সজাগ হৈ থাকিবলৈ আৰু প্ৰশাসনৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। লগতে চৰকাৰী সূত্ৰৰ পৰা প্ৰকাশ কৰা তথ্যৰ ওপৰত নজৰ ৰাখিবলৈও অনুৰোধ জনাইছে (Dhubri Kokrajhar flood alert)।

উল্লেখ্য যে, ২৯ অক্টোবৰত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে জাৰি কৰা সতৰ্কতামূলক পৰামৰ্শৱলীত ভূটানৰ ছিন্তাফু হ্ৰদত হঠাতে বৃহৎ পৰিমাণৰ পানী ওলাই অহাৰ কথা উল্লেখ কৰিছিল। ভূটানস্থিত ভাৰতীয় দূতাবাসৰ পৰা এই তথ্য লাভ কৰিছিল মন্ত্ৰালয়ে।

এই ঘটনাৰ ফলত ভূটানৰ পুনাটছাংচু নদীৰ পানী হঠাতে বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ভাৰতত এই নদী সোণকোষ নামেৰে জনাজাত। মন্ত্ৰালয়ৰ সতৰ্কবাণী অনুসৰি, ইয়াৰ প্ৰভাৱ অসমৰ ধুবুৰী আৰু পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত পৰিব পাৰে।

ইয়াৰ পিছতে সোণকোষ নদীৰ কাষৰীয়া অঞ্চলসমূহত সতৰ্কতা বৃদ্ধি কৰিবলৈ দুয়োখন ৰাজ্যৰ স্থানীয় প্ৰশাসনক পৰামৰ্শ দিয়া হয়। নদীৰ জলপৃষ্ঠৰ ওপৰত নিৰন্তৰ নজৰ ৰখাৰ লগতে আগতীয়া সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈও কোৱা হয়।

লগতে পঢ়ক: Glacial Lake Outburst Bhutan: নামনি অসমত ভয়ংকৰ বিপদৰ আশংকা!

Source link



Source link

Leave A Reply

Your email address will not be published.