Voice of Eastern India

Cotton University Election 2026: কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা


Cotton University Election 2026: কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনত চমক! ১৪টা পদৰ ফলাফলত আছু-ABVPৰ আধিপত্য

কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা (CUSU)ৰ নিৰ্বাচনত দেখা গ’ল সদৌ অসম ছাত্ৰ সন্থা তথা আছু সমৰ্থিত প্ৰাৰ্থীৰ আধিপত্য। মুঠ ১৪টা পদৰ ভিতৰত আছু সমৰ্থিত প্ৰাৰ্থীয়ে ৭টা পদত জয়লাভ কৰে (Cotton University Election 2026)।

সভাপতি আৰু সাধাৰণ সম্পাদকৰ পদো দখল কৰে আছু সমৰ্থিত প্ৰাৰ্থীয়ে। RKB হোষ্টেলৰ আৱাসী হৰিপ্ৰসাদ চেতিয়া সভাপতি নিৰ্বাচিত হয়। একেটা ছাত্ৰাৱাসৰে উজ্জ্বল ডেকা সাধাৰণ সম্পাদকৰ পদত জয়ী হয়।

আছু সমৰ্থিত অঞ্জলি মৰ্ডীয়ে তৰ্ক বিভাগৰ সম্পাদকৰ পদত জয়লাভ কৰে। দেৱস্মিতা বৰুৱাই সাংস্কৃতিক সম্পাদকৰ পদত জয়লাভ কৰে (AASU Cotton University)।

এই জয়ৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়-“কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সদৌ অসম ছাত্ৰ সন্থাৰ বৃহৎ জয়লাভ। সভাপতি, সাধাৰণ সম্পাদককে ধৰি গৰিষ্ঠসংখ্যক পদত জয়লাভ আছু সমৰ্থিত প্ৰাৰ্থীৰ। এই জয় আমাৰ বাবে কেৱল উৎসৱৰ কাৰক নহয়; এই জয় হৈছে ছাত্ৰ সমাজৰ সমস্যা, অধিকাৰ আৰু আশা-আকাংক্ষাক আপোচহীনভাবে প্ৰতিনিধিত্ব কৰাৰ এক নতুন দায়িত্বও।

আমাৰ বিশ্বাস- ছাত্ৰ-ছাত্ৰীসকলৰ অধিকাৰৰ বাবে নতুন নেতৃত্বই দায়িত্বশীলভাৱে কাম কৰি যাব।

প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীলৈ সংগ্ৰামী অভিবাদন (Cotton University Election Result)।“

আনহাতে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP) সমৰ্থিত প্ৰাৰ্থীয়ে ৪টা পদত জয়লাভ কৰে। চাইনী বৰুৱাই সহকাৰী সাধাৰণ সম্পাদকৰ পদ লাভ কৰে।

গীতসৃষ্টি হাজৰিকা সামাজ সেৱা সম্পাদক নিৰ্বাচিত হয়। দিব্যজ্যোতি ৰাভাই বয়জ কমন ৰূম সম্পাদক আৰু কৃষ্ণমণি ৰাভাই এথলেটিকছ সম্পাদকৰ পদত জয়লাভ কৰে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সমৰ্থিত প্ৰাৰ্থীয়ে ৩টা পদত জয়ী হয়। আনহাতে, NSUI-এ কোনো পদতে জয়লাভ কৰিব নোৱাৰিলে।

৩০ ছেপ্টেম্বৰত কটন বিশ্ববিদ্যালয়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। ১ অক্টোবৰ, বৃহস্পতিবাৰে ঘোষণা কৰা হয় নিৰ্বাচনৰ ফলাফল।

লগতে পঢ়ক: Nijut Moina Scheme Assam: ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ সুখবৰ, পূজাৰ পূৰ্বে চৰকাৰে দিব ডাঙৰ উপহাৰ

Source link



Source link

Leave A Reply

Your email address will not be published.