Guwahati Girl Missing Andhra Pradesh: নিৰুদ্দেশৰ পিছত অন্ধ্ৰপ্ৰদেশত মৃতদেহ উদ্ধাৰ, হিমাশ্ৰীৰ মৃত্যুক লৈ ৰহস্য
Guwahati Girl Missing Andhra Pradesh: ৩০ ছেপ্টেম্বৰৰ পৰা নিৰুদ্দেশ, অন্ধ্ৰপ্ৰদেশত উদ্ধাৰ হ’ল হিমাশ্ৰীৰ মৃতদেহ।
বহিঃৰাজ্যত নিৰুদ্দেশ হোৱা গুৱাহাটীৰ বি বৰুৱা কলেজৰ ছাত্ৰী হিমাশ্ৰী বড়োৰ মৃতদেহ অন্ধ্ৰপ্ৰদেশত উদ্ধাৰ হৈছে। যোৱা ৩০ ছেপ্টেম্বৰৰ পৰা তেওঁ নিৰুদ্দেশ হৈ আছিল (Guwahati Girl Missing Andhra Pradesh)।
গুৱাহাটীৰ ছপাইদাং অঞ্চলৰ ধীৰেণ বৰোৰ কন্যা হিমাশ্ৰী। জানিব পৰা মতে, নৃত্য প্ৰতিযোগিতাত অংশ ল’বলৈ গুৱাহাটীৰ পৰা বিশাখাপট্টনমলৈ গৈছিল তেওঁ। অন্ধ্ৰপ্ৰদেশৰ পৰা ঘৰলৈ ওভতাৰ পথত ৰে’লৰ পৰাই সন্ধানহীন হৈছিল তেওঁ।
হিমাশ্ৰীৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। অভিযোগ অনুসৰি, চলন্ত বিবেক এক্সপ্ৰেছৰ পৰা তেওঁক পেলাই দিয়া হৈছিল। অৱশ্যে ঘটনাৰ প্ৰকৃত সত্য এতিয়াও নিশ্চিত হোৱা নাই (Guwahati Himashree Boro death)।
পৰিয়ালৰ দাবী অনুসৰি, ৰে’লখনৰ কেইজনমান যাত্ৰীয়ে তেওঁলোকক ঘটনাটোৰ বিষয়ে জনাইছিল। লগতে, হিমাশ্ৰীৰ দুটা বেগ ৰে’লৰ ডবাৰ ভিতৰত আৱৰ্জনাৰ মাজত পোৱা গৈছিল বুলিও পৰিয়ালে জানিবলৈ দিছে।
এই ঘটনাই হিমাশ্ৰীৰ পৰিয়াল, আত্মীয়-স্বজন আৰু বন্ধুবৰ্গৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। তেওঁ কেনেদৰে নিৰুদ্দেশ হৈছিল আৰু মৃত্যুৰ আঁৰত প্ৰকৃততে কি ঘটিছিল, সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য পোৱা হোৱা নাই।
ঘটনাটোৰ অধিক তদন্তৰ পাছতহে সমগ্ৰ বিষয়টো স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।
লগতে পঢ়ক: Nimisha Thakuria Death Case: নিমিষা কাণ্ডৰ মাষ্টাৰমাইণ্ড আছিক আলীক লক্ষ্য কৰি আৰক্ষীৰ বৃহৎ এক্সন
