Himanta Biswa Sarma convoy: মুখ্যমন্ত্ৰীৰ কনভয়ক লৈ কঠোৰ নিৰ্দেশ, এম্বুলেন্স আহিলে ৰ’ব কনভয়ো
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে। জনসাধাৰণৰ সমস্যা তথা অসুবিধা নোহোৱাকৈ কনভয় চলাচল নিশ্চিত কৰিবলৈ সকলো জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া হৈছে (Himanta Biswa Sarma convoy)।
বুধবাৰে শিলচৰত ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেন্স মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ ৰখাই দিয়া হৈছিল। এই ঘটনাৰ পাছতে চাৰিজন আৰক্ষী বিষয়া-জোৱানক কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বন কৰা হয়। মুখ্যমন্ত্ৰীয়ে ঘটনাটোক ‘গ্ৰহণযোগ্য নহয়’ বুলি উল্লেখ কৰি ৰোগী আৰু পৰিয়ালবৰ্গৰ ওচৰত সামাজিক মাধ্যমযোগে ক্ষমাও বিচাৰিছিল (Assam CM convoy)।
এই ঘটনাৰ পাছতে ৩০ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জিলা প্ৰশাসনক পুনৰ নিৰ্দেশ জাৰি কৰে (VIP convoy rules Assam)।
নিৰ্দেশনাত স্পষ্টকৈ কোৱা হৈছে যে VIP কনভয়ৰ বাবে কোনো পৰিস্থিতিতে এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহন বা আন জৰুৰীকালীন বাহনৰ চলাচলত বাধা দিব নোৱাৰিব।
জৰুৰীকালীন বাহন আহিলে প্ৰয়োজন অনুসৰি মুখ্যমন্ত্ৰীৰ কনভয়ো ৰখাব পাৰিব। এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহন আৰু আৰক্ষীৰ জৰুৰীকালীন বাহনক সকলো সময়তে বাধাহীনভাৱে যোৱাৰ সুযোগ দিব লাগিব।
লগতে মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে যাতে সাধাৰণ যান-বাহনত অধিক বিলম্ব নহয়, তাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে।
ইফালে কনভয়ৰ আকাৰ নিৰাপত্তা আৰু অত্যাৱশ্যকীয় কামৰ বাবে প্ৰয়োজনীয় ন্যূনতম সংখ্যক বাহনলৈ সীমিত কৰাৰ নিৰ্দেশ দিয়া হৈছে।
মুখ্যমন্ত্ৰীৰ সৈতে একেটা কাৰ্যসূচীত অংশ লোৱা মন্ত্ৰী, বিধায়ক, বিষয়া আৰু আন বিশিষ্ট ব্যক্তিসকলৰ বাহন মুখ্যমন্ত্ৰীৰ কনভয়ৰ সৈতে একেলগে চলিব নোৱাৰিব। তেওঁলোকৰ বাহন আগতীয়াকৈ গন্তব্যস্থানলৈ যাব লাগিব অথবা মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হোৱাৰ পাছত পৃথকে যাব লাগিব।
কনভয়ৰ এই নিৰ্দেশনাসমূহ নিয়মীয়া নিৰ্দেশ হিচাপে জাৰি কৰা হৈছে। সকলো অধীনস্থ বিষয়াক ইয়াক কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে।
নিৰ্দেশনা পালন হৈছে নে নাই, সেয়া দায়িত্বশীল বিষয়াসকলে নিজে নিৰীক্ষণ কৰিব লাগিব। কোনো ধৰণৰ গাফিলতি হ’লে সংশ্লিষ্ট বিষয়াক জবাবদিহি কৰা হ’ব বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে।
