Voice of Eastern India

Karimganj Triple Murder: একে নিশাই নিঃশেষ হ’ল পৰিয়ালৰ তিনিটা প্ৰাণ! মাতৃ-ভাতৃৰ অৱস্থাও সংকটজনক


Karimganj Triple Murder: পাৰিবাৰিক সংঘাতৰ ভয়ংকৰ পৰিণতি! পিতৃ আৰু দুই কণমানি ভাতৃক হত্যা।

বৰাক উপত্যকাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড। পাৰিবাৰিক বিবাদক কেন্দ্ৰ কৰি নিজৰ পৰিয়ালৰ ওপৰতে জপিয়াই পৰিল এজন যুৱক। নিশাৰ আন্ধাৰত চলোৱা এই আক্ৰমণত প্ৰাণ গ’ল যুৱকজনৰ পিতৃ আৰু দুই কণমানি ভাতৃৰ। আনহাতে, মৃত্যুৰ সৈতে যুঁজি আছে মাতৃ আৰু আন এজন ভাতৃ (Karimganj Triple Murder)।

দক্ষিণ কৰিমগঞ্জৰ নিলামবজাৰ আৰক্ষী থানাৰ অন্তৰ্গত গোলাঘাট অঞ্চলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। অভিযুক্ত যুৱকজনৰ নাম ফাৰুক আহমেদ। অভিযোগ অনুসৰি, নিশাৰ ভাগত নিজৰ পৰিয়ালৰ পাঁচজন সদস্যৰ ওপৰত আক্ৰমণ চলাইছিল তেওঁ।

এই আক্ৰমণত থিতাতে মৃত্যু হয় ফাৰুকৰ দুই কণমানি ভাতৃ জাহাংগীৰ হুছেইন (৮) আৰু আলম উদ্দিনৰ (৭)। গুৰুতৰভাৱে আহত পিতৃ খলিল উদ্দিনক ততাতৈয়াকৈ শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু চিকিৎসাধীন অৱস্থাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে (Karimganj family murder)।

ইফালে, এই আক্ৰমণত গুৰুতৰভাৱে আহত মাতৃ আলিয়া বেগম আৰু আন এজন ভাতৃ অলতাফ হুছেইন বৰ্তমান শিলচৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে। দুয়োৰে অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰাথমিক তথ্য অনুসৰি, ঘৰুৱা কন্দলৰ পৰিণতিতে এই ভয়ংকৰ ঘটনা সংঘটিত হয়। ইয়াৰ আঁৰত অভিযুক্তৰ নিচাসক্তিৰ বিষয়টোও জড়িত থকা বুলি প্ৰকাশ পাইছে।

ঘটনাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত ফাৰুক আহমেদক আটক কৰিছে। আনহাতে, নিহত তিনিওজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে।

লগতে পঢ়ক: Guwahati Ulubari Firing: মহানগৰীৰ গুলীচালনাৰ ঘটনাত মৃত্যু বিলাস ইনৰ স্বত্তাধিকাৰী মাতৃ-পুত্ৰৰ, দুৰ্বৃত্তক গ্ৰেপ্তাৰ

Source link



Source link

Leave A Reply

Your email address will not be published.