Voice of Eastern India

Kaziranga tourist season: পৰ্যটকৰ বাবে মুকলি কাজিৰঙা, প্ৰথম দিনাই গঁড়ৰ আক্ৰমণত আহত বনকৰ্মী


Kaziranga tourist season: নতুন পৰ্যটন বৰ্ষত মুকলি কাজিৰঙা, প্ৰথম দিনাই জীপ ছাফাৰী; আহত বনকৰ্মী

শনিবাৰে ২০২৬-২৭ পৰ্যটন বৰ্ষৰ বাবে পৰ্যটকৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। মুকলিৰ প্ৰথম দিনাৰ পৰাই ৰাষ্ট্ৰীয় উদ্যানখনত আৰম্ভ হৈছে জীপ ছাফাৰী। আনহাতে, অহা ১০-১৫ দিনৰ ভিতৰত হাতী ছাফাৰীও আৰম্ভ হোৱাৰ সম্ভাৱনা আছে (Kaziranga tourist season)।

উদ্যানখন মুকলি অনুষ্ঠানত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু বন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে ৰাজ্যৰ বাৰ্ষিক পৰ্যটন কেলেণ্ডাৰ অনুসৰি কাজিৰঙা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে। অৱশ্যে উদ্যানখনত কিছু কাম এতিয়াও বাকী আছে।

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এয়া আমাৰ বাবে আনন্দৰ দিন। প্ৰতি বছৰে অক্টোবৰত কাজিৰঙা পৰ্যটকৰ বাবে মুকলি কৰাৰ চেষ্টা কৰোঁ। এইবাৰো কাজিৰঙা মুকলি কৰা হৈছে। কিছু কাম এতিয়াও বাকী আছে যদিও জীপ ছাফাৰী আৰম্ভ হৈছে। অহা ১০-১৫ দিনৰ ভিতৰত হাতী ছাফাৰীও আৰম্ভ কৰিব পাৰিম বুলি আশা কৰিছোঁ (Kaziranga Jeep Safari)।’’

জয়ন্ত মল্লবৰুৱাই কয় যে কাজিৰঙালৈ অহা পৰ্যটকৰ সংখ্যা প্ৰতিবছৰে বৃদ্ধি পাইছে। নতুন পৰ্যটন বৰ্ষতো কাজিৰঙাই নিজৰ পূৰ্বৰ অভিলেখ ভংগ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

উল্লেখ্য যে ২০২৫-২৬ পৰ্যটন বৰ্ষত কাজিৰঙাই বিদেশী পৰ্যটকৰ ক্ষেত্ৰত সৰ্বকালৰ সৰ্বাধিক অভিলেখ গঢ়িছিল। ২০২৬ চনৰ ৩১ মাৰ্চলৈকে মুঠ ৩০,৪৭৪ গৰাকী বিদেশী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰিছিল।

ইয়াৰ পূৰ্বে ২০২৪-২৫ পৰ্যটন বৰ্ষত কাজিৰঙালৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা আছিল ১৭,৬৯৩ গৰাকী।

উদ্যানখন মুকলি কৰাৰ পাছত বনমন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী অতুল বৰাই কাজিৰঙাত জীপ ছাফাৰীও কৰে।

ইফালে পৰ্যটকৰ বাবে কাজিৰঙা মুকলি হোৱাৰ দিনটোতে সংঘটিত হয় এক ভয়ংকৰ অঘটন। গঁড়ৰ আক্ৰমণত আহত হয় এগৰাকী বনকৰ্মী। বাগৰি বনাঞ্চলৰ ভৈছামাৰী বন শিবিৰত প্ৰদীপ বৰুৱা নামৰ বনকৰ্মীগৰাকীৰ সৈতে সংঘটিত হয় এই ঘটনা। আহত বনকৰ্মীগৰাকীক উদ্ধাৰ কৰি কলিয়াবৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক: Assam Wildlife Week 2026: ৩৪০ কোটি টকাৰে সলনি হ’ব গুৱাহাটী চিৰিয়াখানাৰ ৰূপ

Source link





Source link

Leave A Reply

Your email address will not be published.