Voice of Eastern India

Mumtaz Begum controversy: মমতাজ বেগমক লৈ কংগ্ৰেছৰ ৰাজনীতি, মুখ্যমন্ত্ৰীৰ দাবী, ‘পুত্ৰই সকলো কথা জানে’


Mumtaz Begum controversy: মমতাজ বেগমক লৈ বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰীৰ দাবী, ‘পুত্ৰই প্ৰতিদিনে মাতৃৰ সৈতে কথা পাতে’

মমতাজ বেগমক লৈ চলি থকা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ৩ অক্টোবৰ, শনিবাৰে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মমতাজ বেগমৰ পুত্ৰই তেওঁৰ সৈতে নিয়মীয়াকৈ কথা পাতে আৰু তেওঁ ক’ত আছে সেই বিষয়ে জানে (Mumtaz Begum controversy)।

সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিষয়টো কংগ্ৰেছ আৰু এআইইউডিএফে অযথা ৰাজনৈতিক ৰূপ দিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “মমতাজ বেগমৰ পুত্ৰই নিজেই আপোনালোকক ক’ব যে কংগ্ৰেছে তেওঁক বা তেওঁৰ পৰিয়ালক কোনো সহায় কৰা নাই। তেওঁৰ পুত্ৰই প্ৰতিদিনে মাতৃৰ সৈতে কথা পাতে আৰু তেওঁৰ সৈতে সম্পূৰ্ণ যোগাযোগত আছে।”

মমতাজ বেগম ক’ত কিদৰে সুৰক্ষিত হৈ আছে ল’ৰাই ভালকৈ জানে, মামাই সকলোৰে কাৰণে ভালেই কৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে। লগতে মমতাজ বেগমক লৈ কংগ্ৰেছে ৰাজনীতি কৰাৰ বাবে পৰিয়ালটোৱে বেয়া পাইছে বুলি উল্লেখ কৰে তেওঁ।  

মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে অভিযোগ কৰে যে কংগ্ৰেছ বা এআইইউডিএফে মমতাজ বেগমৰ পৰিয়ালক কোনো সহায় কৰা নাই। তেওঁৰ মতে, বিৰোধী দল দুটাই এই বিষয়টোক লৈ ৰাজনীতি কৰিছে।

ইয়াৰ উপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দাবী কৰে যে মমতাজ বেগমৰ পুত্ৰ বিজেপিৰ সমৰ্থক আৰু পৰৱৰ্তী নিৰ্বাচনত তেওঁ বিজেপিৰ পক্ষত ভোট দিব।

লগতে পঢ়ক: Mumtaz Begum Controversy: মমতাজ বেগমক লৈ কংগ্ৰেছৰ মিথ্যাচাৰ ফাদিল, মুখ্যমন্ত্ৰীৰ সহায় ভিক্ষা পুত্ৰৰ

Source link



Source link

Leave A Reply

Your email address will not be published.