Voice of Eastern India

Nagaon Lok Sabha bypoll Result: নগাঁৱৰ নিৰ্বাচনী যুঁজত বিজেপিৰ বাজিমাৎ, নগাঁৱত দেৱাশীষ শৰ্মাৰ বৃহৎ জয়


Nagaon Lok Sabha bypoll Result: নগাঁৱত কংগ্ৰেছৰ দুৰ্গত বিজেপিৰ আঘাত, বৃহৎ ব্যৱধানত জয় দেৱাশীষ শৰ্মাৰ।

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনত বিজেপিয়ে বৃহ বিজয় সাব্যস্ত কৰিছে। এই ঐতিহাসিক জয়েৰে কংগ্ৰেছৰ পৰা সমষ্টিটো পুনৰ নিজৰ দখললৈ আনিলে বিজেপিয়ে। শুকুৰবাৰে ঘোষণা কৰা ফলাফলত বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলক ১,৪০,২৭৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে (Nagaon Lok Sabha bypoll Result)।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, দেৱাশীষ শৰ্মাই লাভ কৰে ৭,১৪,৩৪৯টা ভোট। আনহাতে, বদৰুদ্দিন আজমলে ৫,৭২,১২৫টা ভোট লাভ কৰি দ্বিতীয় স্থানত থাকে। কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাই লাভ কৰে ১,২৯,৪৯২টা ভোট। ফলাফলত কংগ্ৰেছ তৃতীয় স্থানতহে থাকে (BJP victory in Nagaon Bypoll)।

এই জয়ৰ জৰিয়তে বিজেপিয়ে নগাঁও লোকসভা সমষ্টিটো পুনৰ নিজৰ দখললৈ আনিবলৈ সক্ষম হ’ল। ২০১৯ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনত এই সমষ্টিটোত জয়ী হৈছিল কংগ্ৰেছ। সেয়ে এইবাৰৰ উপ-নিৰ্বাচনৰ ফলাফলক লৈ ৰাজনৈতিক মহলত বিশেষ চৰ্চা হৈছে।

ফলাফলক লৈ কি ক’লে মুখ্যমন্ত্ৰীয়ে?

নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছতে শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এখন বিশেষ বৈঠকত অংশ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নগাঁৱৰ জয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে বেলট পেপাৰ আৰু ইভিএম- দুয়োটাতে বিজেপিয়ে জয়লাভ কৰিছে।

মুখ্যমন্ত্ৰীৰ মতে, নগাঁও লোকসভা সমষ্টিৰ জনগাঁথনিৰ প্ৰতি লক্ষ্য ৰাখিলে বিজেপিৰ বাবে এই নিৰ্বাচন সহজ নাছিল। তথাপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত ১২ বছৰে সকলো জাতি-ধৰ্মৰ লোকৰ বাবে কাম কৰি অহাৰ বাবেই ৰাইজে বিজেপিক সমৰ্থন জনোৱা বুলি তেওঁ দাবী কৰে।

নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিসমূহৰ ফলাফলৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁৰ দাবী, সমষ্টিটোৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিত বিজেপিয়ে উল্লেখযোগ্য সফলতা লাভ কৰিছে।

নগাঁও লোকসভা সমষ্টি দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ শক্তিশালী ঘাটি হিচাপে পৰিচিত আছিল। ১৯৫২ চনৰ পৰা ১৯৭৭ চনলৈ সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল। ইয়াৰ পিছত ১৯৯৮, ২০১৯ আৰু ২০২৪ চনৰ লোকসভা নিৰ্বাচনতো কংগ্ৰেছে জয়লাভ কৰিছিল।

কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছতে সমষ্টিটো খালী হৈছিল। পৰৱৰ্তী সময়ত তেওঁ দিছপুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত জয়ী হয়। ইয়াৰ পিছতে নগাঁৱত উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হয়।

লগতে পঢ়ক: Nagaon Lok Sabha bypoll result: নগাঁৱত ধূলিস্যাৎ কংগ্ৰেছ, ফলাফলৰ পিছতে ৰাহুল-গৌৰৱক কটাক্ষ হিমন্ত বিশ্বৰ

Source link



Source link

Leave A Reply

Your email address will not be published.