Voice of Eastern India

Upper Assam floods: শিৱসাগৰ-চৰাইদেউৰ বানৰ তদন্ত কৰিব CBI-য়ে, পৰামৰ্শ অসম কেবিনেটৰ


Upper Assam floods: উজনি অসমৰ বানৰ তদন্ত CBIক দিয়াৰ পৰামৰ্শ অসম কেবিনেটৰ।

উজনি অসমৰ বান পৰিস্থিতিক লৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। শিৱসাগৰ, চৰাইদেউকে ধৰি উজনি অসমৰ বিভিন্ন অঞ্চলত হোৱা বানৰ ঘটনাৰ তদন্ত CBIৰ জৰিয়তে কৰোৱাৰ বাবে পৰামৰ্শ আগবঢ়াইছে ৰাজ্যিক কেবিনেটে। ৩ নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰী কৰে (Upper Assam floods)।

মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, অহা ১০ দিনৰ ভিতৰত এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ আনুষ্ঠানিকভাৱে পত্ৰ প্ৰেৰণ কৰিব অসম চৰকাৰে। অৱশ্যে তদন্তৰ দায়িত্ব গ্ৰহণ কৰিব নে নকৰে, সেয়া কেন্দ্ৰীয় চৰকাৰ আৰু CBIৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব (CBI probe Upper Assam floods)।

ইফালে, ৰাজ্যৰ পৰ্যটন আৰু যাতায়াত ব্যৱস্থাক নতুন গতি দিয়াৰ লক্ষ্যৰে পাঁচটা ৰ’পৱে নিৰ্মাণৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে। এই প্ৰকল্পসমূহ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সহযোগত গঠন কৰা হ’ব ৰ’পৱে উন্নয়ন কৰ্তৃপক্ষ।

প্ৰস্তাৱিত কৰ্তৃপক্ষত কেন্দ্ৰীয় চৰকাৰৰ ৫১ শতাংশ আৰু অসম চৰকাৰৰ ৪৯ শতাংশ অংশীদাৰিত্ব থাকিব। ৰাজ্যৰ কেইবাটাও গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান, পৰ্যটনস্থলী আৰু যাতায়াতৰ কেন্দ্ৰক সংযোগ কৰাই হ’ব এই প্ৰকল্পসমূহৰ মূল লক্ষ্য।

কোনকেইটা স্থান সংযোগ কৰিব ৰ’পৱেই?

চৰকাৰৰ পৰিকল্পনা অনুসৰি, গুৱাহাটীৰ কামাখ্যা ৰে’লৱে ষ্টেচনৰ পৰা মা কামাখ্যা দেৱালয়লৈ নিৰ্মাণ কৰা হ’ব প্ৰথমটো ৰ’পৱে। আন এটা প্ৰকল্পৰ জৰিয়তে খানাপাৰাৰ পৰা গুৱাহাটী ৰে’লৱে ষ্টেচনলৈ ৰ’পৱেৰে যাতায়াতৰ ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনা কৰা হৈছে (Assam ropeway projects)।

ইয়াৰ উপৰি, বৰাক উপত্যকাৰ গংগানগৰৰ পৰা ভুৱন পাহাৰলৈ ৰ’পৱে নিৰ্মাণৰ প্ৰস্তাৱ আছে। ডিমা হাছাওত হেম্পেউপেট শৃংগৰ পৰা জাটিংগা চৰাই নিৰীক্ষণ কেন্দ্ৰলৈ আৰু শোণিতপুৰ জিলাত অগ্নিগড়ৰ পৰা ভৈৰৱ মন্দিৰলৈ নিৰ্মাণ কৰা হ’ব আন দুটা ৰ’পৱে।

এই প্ৰকল্পসমূহ বাস্তৱায়িত হ’লে ৰাজ্যৰ পৰ্যটনস্থলীসমূহলৈ যাতায়াত অধিক সুচল হোৱাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ সৃষ্টি হ’ব বুলি আশা কৰা হৈছে।

লগতে পঢ়ক: SKAC Election 2026: সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণা

Source link



Source link

Leave A Reply

Your email address will not be published.