Voice of Eastern India

অসম-মেঘালয় সীমান্তৰ সমীপত জ্বলাই দিয়া হ’ল আৰক্ষীৰ বাহন


বুধবাৰে পুৱা অসম-মেঘালয় সীমান্তৰ বকোৰ লাম্পিত অসম আৰক্ষীৰ এজন জোৱানৰ বাহন দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে।

অসম-মেঘালয় সীমান্তৰ অতি স্পৰ্শকাতৰ বকোৰ লাম্পিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।অসম আৰক্ষীৰ এজন জোৱানৰ বাহন দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে। আপাৰ লাম্পীৰ বেটেলিয়ান কেম্পৰ সমীপত এই অঘটন। বাহনখন খাছী দুৰ্বৃত্তই জ্বলাই দিয়াৰ সন্দেহ কৰা হৈছে।

বাহনখন ২৮ নং বেটেলিয়নৰ হাবিলদাৰ ৰবিন্দ ৰায়ৰ বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে বাহখন বেটেলিয়ান কেম্পলৈ নিয়াত অসুবিধাৰ বাবে পথৰ কাষত ৰাখি থৈছিল। নিশাৰ ভাগত কোনো দুৰ্বৃত্তই বাহনত খনত অগ্নিসংযোগ কৰে। বুধবাৰে পুৱা বাহনখন জুইত সম্পূৰ্ণৰূপে ভস্মীভূত অৱস্থাত উদ্ধাৰ কৰা হয়।

শ্বিলং আৰু যোৰাবাটৰ অনাকাংক্ষিত ঘটনাৰ পিছত  সীমান্তত আন এক অঘটন।  বাহনখনত কোনোবাই উদ্দেশ্যপ্ৰণোদিতভাৱে জুই লগাই দিছিল নে ই এক দুৰ্ঘটনামূলক অগ্নিকাণ্ড আছিল, সেই বিষয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব সমগ্ৰ ঘটনা।

এই ঘটনাত দুষ্কৃতিকাৰী জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছে যদিও ঘটনাৰ প্ৰকৃত পৰিস্থিতি আৰু দোষীৰ পৰিচয় এতিয়ালৈকে স্পষ্ট হোৱা নাই।

ঘটনা সংক্ৰান্তত লাম্পি সীমান্ত আৰক্ষী চকীত এখন এজাহাৰ (FIR) ৰুজু কৰা হৈছে। বাহনখন ক’ত আৰু কেতিয়া পাৰ্ক কৰা হৈছিল আৰু অগ্নিকাণ্ডৰ পূৰ্বে কি ঘটিছিল, সেই সমগ্ৰ পৰিস্থিতি আৰক্ষীয়ে তদন্ত কৰিছে। ঘটনাৰ কাৰণ আৰু প্ৰকাৰ নিশ্চিত কৰিবলৈ প্ৰমাণ সংগ্ৰহৰ বাবে গুৱাহাটীৰ পৰা এটা ফৰেনছিক দল ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক: জামুগুৰিহাটত ভয়ংকৰ পথ দুৰ্ঘটনা; পৰীক্ষাৰ্থী কঢ়িওয়া বাহনত খুন্দা

Source link



Source link

Leave A Reply

Your email address will not be published.