Voice of Eastern India

অসমৰ কেইবাখনো জিলাৰ বাবে IMD-ৰ এলাৰ্ট


বৰষুণৰ সৈতে বিজুলী-ঢেৰেকণি! অসমৰ একাধিক জিলাত IMD-ৰ জৰুৰী সতর্কতা

আগন্তুক একৰ পৰা তিনি ঘণ্টাৰ ভিতৰত অসমৰ কেইবাখনো জিলাত বিজুলী-ঢেৰেকণিৰ সৈতে বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (IMD) ।

IMD-ৰ গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি বৰপেটা, কামৰূপ, কামৰূপ মহানগৰ আৰু নলবাৰী জিলাত বতাহৰ সৈতে মাজে মাজে লঘুৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই বতৰৰ প্ৰভাৱ অহা একৰ পৰা তিনি ঘণ্টালৈ অব্যাহত থাকিব পাৰে।

বিজুলী-ঢেৰেকণিৰ আশংকাৰ বাবে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (ASDMA) ৰাইজক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। বজ্ৰপাতৰ সময়ত মুকলি ঠাইলৈ নোলোৱা, গছৰ তলত বা বিজুলীৰ খুঁটাৰ ওচৰত আশ্ৰয় নোলোৱা আৰু সুৰক্ষা নিৰ্দেশনা মানি চলিবলৈ পৰামৰ্শ দিয়া হৈছে।

ইফালে, বৰষুণৰ ফলত পথ পিচল হোৱাৰ লগতে দৃশ্যমানতা কমি যাব পাৰে বুলি সতৰ্ক কৰি দিয়া হৈছে। ফলত যান-জঁট বা যাতায়াতত সমস্যাৰ সৃষ্টি হ’ব পাৰে। সেইবাবে চালক আৰু যাত্ৰীসকলক অধিক সাৱধান হৈ চলাচল কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

ইতিমধ্যে ৰাজ্যৰ বহু অঞ্চল বান আৰু ধাৰাবাহিক বৰষুণৰ প্ৰভাৱত জুৰুলা হৈ আছে। এনে পৰিস্থিতিত নতুনকৈ জাৰি হোৱা এই বতৰৰ সতৰ্কবাৰ্তাক যথেষ্ট গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনাইছে প্ৰশাসনে।

ASDMA-য়ে সকলোকে চৰকাৰী বতৰৰ আপডেটৰ ওপৰত নজৰ ৰাখিবলৈ, অপৰীক্ষিত তথ্য বিশ্বাস বা প্ৰচাৰ নকৰিবলৈ আৰু দুৰ্যোগপূৰ্ণ বতৰৰ সময়ত প্ৰশাসনৰ পৰামৰ্শ মানি চলিবলৈ অনুৰোধ জনাইছে।

লগতে পঢ়ক : প্ৰচণ্ড বৰষুণ নেওচি আজিও বানপীড়িতৰ কাষত মুখ্যমন্ত্ৰী

Source link



Source link

Leave A Reply

Your email address will not be published.